NORTHEAST NOW (Assamese)
Popular Stories

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2026 6:45 am

ডিজিটেল ভাৰতৰ যুগত এইবাৰ দেশৰ লোকপিয়লো সম্পূৰ্ণ ডিজিটেল হবলৈ গৈ আছে। এতিয়াৰে পৰা ডাঙৰ ডাঙৰ ফাইল বা কাগজ-পত্ৰৰ দিন শেষ হব। আগন্তুক ২০২৭ চনৰ ভাৰতৰ লোকপিয়লত দেশৰ নাগৰিকে নিজৰ গণনা নিজেই কৰিব পাৰিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ পৰ্টেল মুকলি কৰি এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই ব্যৱস্থাৰ অধীনত মানুহে ঘৰত বহিয়েই নিজৰ স্মাৰ্টফোনৰ জৰিয়তে এক বিশেষ ৱেবছাইটলৈ গৈ ৩৩ টা সহজ প্ৰশ্নৰ উত্তৰ দি ডিজিটেল প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। যিসকল লোকে এই স্ব-গণনা পদ্ধতিত অংশগ্ৰহণ কৰিব নিবিচাৰে বা নোৱাৰে, তেওঁলোকৰ ঘৰ চিনাক্ত কৰি চৰকাৰী কৰ্মীয়ে এক বিশেষ মবাইল এপৰ জৰিয়তে লোকপিয়লৰ কাম কৰিব।

দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। পশ্চিম বংগৰ ক্ষেত্ৰত শেহতীয়াকৈ ৰাজনৈতিক পৰিৱৰ্তন আৰু শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে এই লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত দেশৰ যিকোনো নাগৰিকে ঘৰত বহিয়েই নিৰ্দিষ্ট পৰ্টেলত নিজৰ তথ্য পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে নিজৰ বৈধ মবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত মবাইললৈ এটা অটিপি যাব আৰু সেই অটিপিৰ জৰিয়তে পৰ্টেলত লগইন কৰিব পৰা যাব।

যিসকল লোকে এই ডিজিটেল পদ্ধতিৰে নিজৰ গণনা কৰিব নোৱাৰিব বা যিসকল লোক বাকী ৰৈ যাব, তেওঁলোকৰ ঘৰ চিনাক্তকৰণৰ কাম ১৬ আগষ্টৰ পৰা ১৪ ছেপ্টেম্বৰলৈ চলিব। ইয়াৰ পিছত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ কাম ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহলৈকে চলি থাকিব। এই সমগ্ৰ কাৰ্যসূচী সম্পন্ন কৰিবলৈ ৰাজ্যজুৰি ডেৰ লাখতকৈও অধিক বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত তথ্য সংগ্ৰহকাৰীক কামত লগোৱা হব। এই কৰ্মীসকলৰ হাতত থকা স্মাৰ্টফোনসমূহেই হব লোকপিয়লৰ মূল সঁজুলি।

এই গুৰুত্বপূৰ্ণ কামটোৰ বাবে চলিত মাহৰ পৰাই চৰকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হবলৈ গৈ আছে। জুলাই মাহৰ আৰম্ভণিতে ফিল্ড ট্ৰেইনাৰসকলক প্ৰশিক্ষণ দিয়া হব আৰু তেওঁলোকে পৰৱৰ্তী সময়ত বুথ পৰ্যায়ৰ কৰ্মীসকলক প্ৰযুক্তিৰ ব্যৱহাৰ শিকাব। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সঠিক নিৰীক্ষণৰ বাবে জিলাসমূহত বিশেষ কণ্ট্ৰল ৰুম বা নিৰীক্ষণ কক্ষ স্থাপন কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে কাগজ-কলমৰ জটিলতা দূৰ কৰি অতি সঠিকভাৱে আৰু দ্ৰুতগতিত দেশৰ মানুহৰ প্ৰকৃত পৰিসংখ্যা উলিয়াই অনাই হৈছে এই ডিজিটেল লোকপিয়লৰ মূল লক্ষ্য।