NORTHEAST NOW (Assamese)
দেশ

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী May 30, 2025 9:40 pm

ৰাজস্থানৰ ৰাজ্যপাল হৰিভু বাগাডে দাবী কৰিছে যে ব্ৰিটিছ ইতিহাসবিদৰ প্ৰভাৱৰ বাবে ভাৰতীয় ইতিহাসত কেইবাটাও ভুল তথ্য লিপিবদ্ধ হৈছে। তাৰে এটা হ’ল যোধা-আকবৰৰ বিয়াৰ কথা।

বুধবাৰে সন্ধিয়া উদয়পুৰত এক অনুষ্ঠানত ভাষণ দি ৰাজস্থানৰ ৰাজ্যপালগৰাকীয়ে দাবী কৰে যে আকবৰ্ণমাত যোধা আৰু আকবৰৰ বিবাহৰ কোনো উল্লেখ নাই।

তেওঁ কয়, ‘যোধা আৰু আকবৰৰ বিয়া হোৱা বুলি কোৱা হয় আৰু এই কাহিনীটোৰ ওপৰত এখন ছবিও নিৰ্মাণ কৰা হৈছে । বুৰঞ্জীৰ কিতাপতো একেই কথা কোৱা হৈছে, কিন্তু সেয়া মিছা।’

তেওঁ দাবী কৰে যে বৰ্মাল নামৰ এজন ৰজা আছিল আৰু তেওঁ এজন চাকৰৰ কন্যাক আকবৰে বিয়া কৰাইছিল।

ইতিহাস ভুলকৈ উল্লেখ কৰা হৈছে বুলি বাগাৰে দাবী কৰে। তেওঁ কয়, ‘ইংৰাজে আমাৰ বীৰসকলৰ ইতিহাস সলনি কৰিছে। তেওঁলোকে ইতিহাস শুদ্ধকৈ লিখা নাছিল আৰু তেওঁলোকৰ ইতিহাসৰ সংস্কৰণটো প্ৰথমতে গ্ৰহণ কৰা হৈছিল। পিছলৈ কিছুমান ভাৰতীয় ইতিহাস লিখা হৈছিল যদিও ব্ৰিটিছৰ দ্বাৰা প্ৰভাৱিত হৈছিল।’বাগৰে ভাষণত এই কথাও দাবী কৰে যে মহাৰাণা প্ৰতাপ আৰু ছাত্ৰপতি শিৱাজী সমসাময়িক হ’লে পৰিস্থিতি বেলেগ হ’লহেঁতেন। লগতে তেওঁ কয় যে বৰ্তমানৰ শিক্ষা নীতিৰ অধীনত পৰিস্থিতি বহুখিনি উন্নত হৈছে। নতুন জাতীয় শিক্ষা নীতিত আমাৰ সংস্কৃতি আৰু গৌৰৱময় ইতিহাস সংৰক্ষণৰ উপৰিও শুদ্ধ তথ্য নতুন প্ৰজন্মলৈ প্ৰেৰণ কৰা হৈছে।