NORTHEAST NOW (Assamese)
জীৱনশৈলী

ছুইডেনৰ এদল গৱেষকৰ গৱেষণাই কঢ়িয়াইছে আশাৰ বতৰা! এইডছৰ ভেকচিন প্ৰস্তুতিৰ দিশত এখোজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2025 6:30 am
ছুইডেনৰ এদল গৱেষকৰ গৱেষণাই কঢ়িয়াইছে আশাৰ বতৰা! এইডছৰ ভেকচিন প্ৰস্তুতিৰ দিশত এখোজ

এইডছৰ ভেকচিন প্ৰস্তুতৰ দিশত নতুন আশাৰ পোহৰ দেখা গৈছে। ছুইডেনৰ কেৰ’লিনস্কা ইনষ্টিটিউটৰ বিজ্ঞানীসকলে চলোৱা এ গৱেষণাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে। গৱেষকসকলে দাবী কৰিছে যে তেওঁলোকে এইচআইভিৰ বিৰুদ্ধে কার্যক্ষম এটা এন্টিব’ডী—BNABS (Broadly Neutralizing Antibodies) চিনাক্ত কৰিবলৈ সক্ষম হৈছে, যিয়ে ভাইৰাছৰ কোষ বিভাজন তথা বিস্তাৰ ৰোধ কৰিব পাৰে।

এই তথ্য ‘ইমিউনিটি’ নামৰ চিকিৎসা আলোচনীত প্ৰকাশিত হৈছে। গৱেষক ৰিচাৰ্ড ৱাটৰ নেতৃত্বত কৰা এই অধ্যয়নৰ মতে, এই এন্টিব’ডীয়ে ভাইৰাছটো শৰীৰত অধিক বিস্তৃত হ’ব পৰা পথ বন্ধ কৰে। সাধাৰণতে এইচ আই ভি ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ পিছত, ই ইমিউন কোষসমূহ ধ্বংস কৰি দিয়ে, ফলস্বৰূপে ৰোগ প্ৰতিৰোধ ক্ষমতা লোপ পায়।

স্বাভাৱিকভাৱে BNABS এন্টিব’ডী গঠন হৈ উঠিলেও, ইয়াৰ পৰিমাণ বৰ কম থাকে। সেই কাৰণেই, বাহিৰৰ পৰা এই এন্টিব’ডী প্ৰৱেশ কৰোৱাই লক্ষ্য। এই দিশেৰে, গৱেষকসকলে এ বুস্টাৰ ভেকচিন তৈয়াৰৰ প্ৰচেষ্টা চলাই আছে, যিটো প্ৰতি ১২ সপ্তাহত এবাৰ দিয়া হ’ব বুলি পৰিকল্পনা কৰা হৈছে।

ইয়াৰ সফলতা যদি নিশ্চিত হয়, তেন্তে এইচ আই ভি আৰু এইডছৰ চিকিৎসাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক অগ্ৰগতি হ’ব। বৰ্তমান বিশ্বত প্ৰায় ৩.৮ কোটি লোক এইডছত আক্ৰান্ত আৰু বছৰে হাজাৰ হাজাৰ লোক এই ৰোগৰ বাবে প্ৰাণ হেৰুৱায়। এতিয়ালৈকে এই ৰোগৰ কোনো স্থায়ী চিকিৎসা নথকাত, এই ভেকচিনে মানুহক নতুন আশা দিব পাৰে।

এইদৰে, চিকিৎসা বিজ্ঞানৰ অবিৰত উন্নয়নে যেন কেন্সাৰ আৰু এইডছ দুই ৰোগৰ ক্ষেত্ৰতে নতুন আশাৰ বাট  মুকলি কৰিছে। যদি BNABS-ভিত্তিক এই ভেকচিন সফল হয়, তেন্তে এইডছৰ বিৰুদ্ধে এটি পথপ্ৰদৰ্শক অস্ত্ৰ হিচাপে বিবেচিত হ’ব।