NORTHEAST NOW (Assamese)
অসম

সেনাবাহিনীৰ গুলীত থকাসৰকা শিৰৰ মূল্য ১২ লাখ টকা ধাৰ্য্য কৰা হিজবুল কামাণ্ডাৰ ৰিয়াজ নাইকো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 7:33 pm

বুধবাৰে জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ ৰিয়াজ নাইকোৰ মৃত্যু হয়।

সেনা বাহিনীৰ গুলীত মৃত্যু হোৱা ৰিয়াজ নাইকোৰ মুৰৰ বিনিময়ত ১২ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল।

মঙলবাৰে নিশাৰ পৰা আৰম্ভ হোৱা সন্ত্ৰাসবাদীৰ সৈতে সেনা বাহিনীৰ সংঘৰ্ষ সেনা বাহিনীৰ জেষ্ঠ বিষয়াই বিস্তৃতভাৱে পৰ্যালোচনা কৰিছে।

ইয়াৰ পূৰ্বে সংঘৰ্ষপীড়িত অঞ্চলটোত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল যাতে লুকাই থকা সন্ত্ৰাসবাদী কেইজনে কোনোধৰণৰ তথ্য লাভ কৰিব নোৱাৰে।

৫ মে’ত আন এগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সেনাবাহিনীৰ গুলীত মৃত্যু হৈছিল।

কাশ্মীৰত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণত পাঁচজনকৈ সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হৈছিল।

আজি সেনা বাহিনীৰ হাতত মৃত্যু হোৱা হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ ৰিয়াজ নাইকোৱে দীৰ্ঘদিনৰ পৰা কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ চলায় আহিছিল।