NORTHEAST NOW (Assamese)
অসম

‘হিন্দুত্বৰ বীজ’ সিঁচা ন্যায়াধীশৰ পদত্যাগ দাবী মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠনৰ

Posted by: এন ই নাও নিউজ December 13, 2018 11:37 pm
HNLC-680x365

“হিন্দুত্বৰ বীজ” ৰোপণেৰে ভাৰতীয় সংবিধানক অপমান কৰাৰ অভিযোগত বৃহস্পতিবাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ আৰ সেনৰ “পদত্যাগ” দাবী কৰিছে ৰাজ্যখনৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন এইচ এন এল চি (Hynniewtrep National Liberation Council)এ।

আমন ৰাণা নামৰ এজন লোকৰ লেখ আবেদনৰ ৰায়দানত দেশ বিভাজনৰ প্ৰসংগ উল্লেখেৰে “ভাৰতক হিন্দু দেশৰূপে ঘোষণা কৰা উচিত আছিল” বোলাৰ লগতে ভাৰতৰ চুবুৰীয়া দেশসমূহৰ পৰা মুছলমান ভিন্ন হিন্দু-খ্ৰিষ্টানকে ধৰি আন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছিল ন্যায়াধীশ সেনে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ভাৰতক “ইছলামিক দেশ”ত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰিব বুলিও ৰায়টোত আস্থা প্ৰকাশ কৰিছিল ন্যায়াধীশ সেনে।

ন্যায়াধীশ সেনৰ এই ৰায়ক “ৰায় নহয়, এটা ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ বিবৃতি”ৰূপে অভিহিত কৰিছে বিদ্ৰোহী সংগঠনটোৱে।

“নাগৰিকত্ব বিধেয়ক সমৰ্থনেৰে ন্যায়াধীশ সেনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীৰ আৱেগক আঘাত কৰিছে। তেওঁ হিন্দুত্ব বাহিনীৰ সুৰত ৰাগ টানিছে,” দাবী এইচ এন এল চিৰ সাধাৰণ সম্পাদক তথা প্ৰচাৰ সচিব চাইনকুপাৰ নংত্ৰওৰ।

সম্পূৰ্ণ ৰায়টোৰ বাবে ক্লিক কৰক।

চুবুৰীয়া দেশৰ খ্ৰিষ্টিয়ানক নাগৰিকত্ব দানৰ পোষকতা কৰা ন্যায়াধীশ সেনৰ ৰায়ক খ্ৰিষ্টানধৰ্মীসকলক “বিভাজিত” কৰা আৰু তেওঁলোকৰ মাজত “হিন্দুত্বৰ বীজ ৰোপণ”ৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে মূলতঃ খাছি আৰু জয়ন্তীয়াসকলৰ প্ৰতিনিধিত্ব দাবী কৰা সংগঠনটোৱে।

“খ্ৰিষ্টান সংখ্যালঘুসকল ইতিমধ্যে ভাৰতত সুৰক্ষিত নহয়। খ্ৰিষ্টানক আমন্ত্ৰণ কৰি আশ্ৰয় দি হিন্দুত্ব শক্তিয়ে তেওঁলোক বলপূৰ্বক হিন্দু বনাব—যিটো হিন্দু সংখ্যাগুৰু ৰাজ্যসমূহত কৰা হৈছে,” দাবী সংগঠনটোৰ।

অৱসৰৰ পিছত বিজেপি শাসনত “বৃহৎ” পদবী পোৱাৰ আশাত ন্যায়াধীশ সেনে এই ৰায়দান কৰা বুলি মন্তব্য কৰিছে সংগঠনটোৱে।

“তেওঁক হিন্দু ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰী হ’বলৈ দিয়া হওক আৰু পদবী ত্যাগ কৰক,” এইচ এন এল চিৰ মত।

ন্যায়াধীশ সেনক তেওঁৰ পদবীৰ পৰা অপসাৰণৰ দাবী জনোৱাৰ বাবেও উত্তৰ-পূৰ্বাঞ্চলৰ সকলো সংগঠনকে আহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে।