NORTHEAST NOW (Assamese)
অসম

ডিমাপুৰৰ পৰা অপহৃত গাড়ীচালক, গাড়ী উদ্ধাৰ হোজাই আৰক্ষীৰ; দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা September 10, 2020 8:59 pm
Hojai Police successfully recovered one Ertiga Car along with the driver andNabbed two Kidnappers from Dimapur

হোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে অপহৃত এজন গাড়ীচালকৰ লগতে এখন গাড়ী ডিমাপুৰৰ পৰা
উদ্ধাৰ কৰিছে।

ডিমাপুৰ আৰক্ষীৰ সহযোগত হোজাই আৰক্ষীয়ে দুই অপহৰণকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত অপহৰণকাৰী দুজনক পশ্চিম বংগৰ কোচবিহাৰৰ প্ৰদীপ দাস আৰু হোজাই উত্তৰ ডিমৰুপাৰৰ আৰিফ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

দুই অপহৰণকাৰীয়ে যোৱা মঙলবাৰে হোজাইৰ মোৰাঝাৰ শিৱপুৰৰ পৰা ডিমাপুৰলৈ এখন আৰ্তিগা গাড়ী (AS 02 J 4993) ভাৰালৈ লৈছিল।

কিন্তু ডিমাপুৰলৈ যোৱাৰ বাটত হাতীবঙত গাড়ীচালক চাহিদুৰ ৰহমানক হাতে-ভৰিয়ে বান্ধি পেলায়।

খবৰ মতে, গাড়ীচালকজনৰ চিঞৰ শুনি স্থানীয় লোকে তেওঁক উদ্ধাৰৰ চেষ্টা কৰিছিল, কিন্তু সফল হ’ব নোৱাৰিলে।

তাৰ পিছত দুয়ো অপহৰণকাৰীয়ে গাড়ীখন ডিমাপুৰৰ দিশে চলাই লৈ যায়।

হোজাইৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ঘটনা সন্দৰ্ভত খবৰ পাই ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে আৰু মোৰাঝাৰৰ পৰা আৰক্ষীৰ এক দল ডিমাপুৰলৈ যায়।

অৱশেষত ডিমাপুৰ আৰক্ষীৰ সহযোগত হোজাইৰ আৰক্ষীয়ে দুয়ো অপহৰণকাৰীক কৰায়ত্ত কৰি গাড়ী আৰু চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অপহৰণকাৰী দুজনক জেৰাৰ বাবে মোৰাঝাৰ আৰক্ষী থানালৈ লৈ অহা হৈছে।