NORTHEAST NOW (Assamese)
অসম

অসাৰ প্ৰধান মন্ত্ৰীৰ ঘোষণা; আজি পৰ্যন্ত বিদ্যুতৰ সংযোগ নঘটিল হোজাইৰ এখন গাঁৱত

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা August 15, 2019 8:43 am

আজি পৰ্যন্ত বৈদ্যুতিকৰণ হৈ উঠা নাই হোজাই জিলাৰ ডিম্ৰুপাৰ গাঁও পঞ্চায়ৰ অধীনৰ ভোকাবস্তি অঞ্চল। যাৰ ফলত প্ৰতিবাদ কৰিবলৈ বাধ্য হয় অঞ্চলটোৰ লোকসকলে।

বুধবাৰে আৱেলি অঞ্চলটোৰ লোকসকলে হোজাই মহকুমা বিদ্যুৎ কাৰ্য্যায়লৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

তেওঁলোকে কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ ২০১৬ চনৰ স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ প্ৰত্যেকখন গাঁৱক ১০০০ দিনৰ ভিতৰত বৈদ্যুতিকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু মোদীৰ প্ৰতিশ্ৰুতি এতিয়াও অসম্পূৰ্ণ হৈ আছে। যাৰ ফলত হোজাই নগৰৰ পৰা মাত্ৰ ৬ কিঃ মিঃ দূৰত্বত থকা ভোকাবস্তিৰ ১৫টা পৰিয়ালে আজিও অন্ধকাৰত দিন পাৰ কৰিবলগীয়া হৈছে।

এতিয়াও গাঁওবাসীয়ে লেম্প, মমৰ পোহৰত ৰাতিৰ আন্ধাৰ খেদিব লাগে। আনহাতে বৈদ্যুতিক পাংখা নথকাৰ ফলত উৎকট গৰমত পাৰ কৰিবলগীয়া হৈছে নিদ্ৰাহীন নিশা।

কালি প্ৰতিবাদকাৰী সকলে অসম শক্তি বিতৰণ নিগম লিমিটেডৰ (হোজাই বিদ্যুৎ মহকুমা) সহকাৰী পৰিচালন সঞ্চালক সুনয়ন শইকীয়া আৰু উপ সঞ্চালক প্ৰাঞ্জিত কচাৰীৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে।

গাঁওবাসীয়ে অহা ৭ দিনৰ ভিতৰত তেওঁলোকৰ অঞ্চলটোৰ বৈদ্যুতিকৰণৰ দাবী তোলে। অন্যথা অনাগত দিনত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে।