NORTHEAST NOW (Assamese)
অসম

লামডিঙত প্ৰাইজমানি হাফ মাৰাথনৰ আয়োজন

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা June 19, 2019 5:41 pm
mini-marathon-arunachal-570x320

ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকী উপলক্ষে লামডিং ক্ৰীড়া সংস্থাই অহা ৬ জুলাইত নগৰখনত ‘ৰান ফৰ য়ুনিটি’ শীৰ্ষক প্ৰাইজমানি হাফ মাৰাথন দৌৰ আৰু একতা যাত্ৰা আয়োজন কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাতে উক্ত দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

মঙলবাৰে লামডিং ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক সুদিপ কুমাৰ দাসে এক প্ৰেছ বাৰ্তা যোগে এই কথা সদৰী কৰি উক্ত দিনা পুৱা ৫:৩০ বজাত লামডিং অসামৰিক হস্তপিতালৰ সমীপতস্থিত শ্যামা প্ৰসাদ মুখাৰ্জীৰ আৱক্ষ মূৰ্তিৰ পৰা মাৰাথন দৌৰ আৰম্ভ হ’ব বুলি জনায়।

১৫ কিঃমিঃ দূৰত্ব সামৰিব লগীয়া উক্ত মাৰাথনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীক ক্ৰমে ৭,০০০, ৫,০০০ আৰু ৩,০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি আন ৫ গৰাকী অংশগ্ৰহণকাৰীক প্ৰদান কৰা হ’ব নিচুকনি পুৰস্কাৰ।

আনহাতে বাহিৰৰ পৰা অহা অংশগ্ৰহণকাৰীক ৫ জুলাইৰ আৱেলিৰ পৰা ৬ জুলাইৰ দুপৰীয়া আহাৰ গ্ৰহণলৈকে থকা আৰু খোৱাৰ সুবিধা প্ৰদান কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

আগ্ৰহীসকলক অহা ২ জুলাইৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই বিষয়ত আৰু অধিক জানিবলৈ হ’লে লামডিং ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদকক ৯৬৭৮৪৭৭৩৭২ আৰু ৬০০২৩৮১১৬০ নম্বৰত ফ’ন কৰিব পাৰে।