NORTHEAST NOW (Assamese)

শুকুৰবাৰে হোলী, একে দিনাই জুম্মাৰ নামাজৰ দিন! কি পৰামৰ্শ দিলে হিন্দুত্ববাদীসকলে?

March 12, 2025 11:31 am · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে মছজিদত জুম্মা নামাজত অংশগ্ৰহণ কৰে অধিকাংশ  মুছলমানে। কিন্তু এইবাৰ এই দিনটোত হিন্দু জাতীয় উৎসৱ হোলী বা দৌল যাত্ৰা।সেয়েহে দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাত ৰোধ কৰিবলৈ হিন্দুত্ববাদী শিবিৰৰ এটা অংশই মুছলমানসকলক উপদেশৰ আঁৰত বিভিন্ন ফতোৱা জাৰি কৰিছে। বিগত কেইবছৰৰ দৰে উত্তৰ প্ৰদেশ এই ক্ষেত্ৰতো আগবাঢ়ি আছে। এই বিতৰ্কত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামো জড়িত হৈ পৰিছে।

আলিগড়ত যোগী চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰঘুৰাজ সিঙে মুছলমানসকলক উপদেশ দিছে যে হোলীৰ দিনা জুম্মাৰ নামাজৰ বাবে ঘৰৰ পৰা ওলাই নাযাব। ঘৰতে প্ৰাৰ্থনা কৰক। আৰু অকলে ওলাই গলে প্লাষ্টিকৰ মোনা পিন্ধক।ৰঙৰ সৈতে খেলি ভাল নাপালে আন কোনো বিকল্প নাই।

বহু মুছলমান ধৰ্মগুৰুৱে বহু আগতেই ঘোষণা কৰিছিল যে হোলীৰ দিনা মছজিদত নামাজ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হব। সময় এঘণ্টা পিছুৱাই দিয়া হৈছে। সেই কথাত মুছলমান সমাজে আপত্তি কৰা নাছিল। তথাপিও উপদেশৰ নামত সংখ্যালঘুসকলক উপহাস কৰা হৈছে।

বিগত কেইমাহমানৰ পৰা পশ্চিম উত্তৰ প্ৰদেশৰ সম্বলৰ জুমা মছজিদক লৈ বিবাদৰ সৃষ্টি হৈছে। হিন্দু আৰু মুছলমানৰ দাবী আৰু প্ৰতিদাবীক লৈ হোৱা বিতৰ্কই আদালতৰ মজিয়া পাইছেগৈ। এই বিবাদক লৈ দুয়োপক্ষৰ মাজত গোপন উত্তেজনা বিৰাজ কৰিছে।

সেই গোচৰত সম্ভাল জিলা আৰক্ষী চক্ৰ পৰিদৰ্শক অনুজ চৌধুৰীয়ে মুছলমানসকলক হোলী শুকুৰবাৰে ঘৰতে থাকিবলৈ সকীয়াই দিয়ে। বছৰত ৫২ দিন জুম্মা নামাজ কৰিব পাৰি। বছৰত এদিনহে হোলী বুলি উল্লেখ কৰে।

কোনো চক্ৰ পৰিদৰ্শকে এনে কথা কব পাৰে নেকি সেই লৈ যোগী চৰকাৰৰ ভিতৰতে বিতৰ্ক আৰম্ভ হৈছে। কিন্তু মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী যোগী আদিত্যনাথে ৰাজহুৱাভাৱে চক্ৰ পৰিদৰ্শকগৰাকীক ৰাষ্ট্ৰীয় বঁটা বিজয়ী মল্লযুঁজাৰু বুলি প্ৰশংসা কৰে। সেইবাবেই তেওঁ এজন মল্লযুঁজাৰুৰ সাহসেৰে সেই কথা কবলৈ সক্ষম হৈছিল।

বিহাৰ বিজেপিৰ বিধায়ক হৰিভূষণ ঠাকুৰে কয় যে, মুছলমানসকলে হোলীত ঘৰতে থাকিব লাগে।

লক্ষ্ণৌৰ ছিয়া জনগোষ্ঠীৰ নেতা মৌলানা ছাইফ আব্বাছ নকভিয়ে কয় যে দুয়োপক্ষৰ মাজত বিবাদৰ কোনো সম্ভাৱনা নাই। কাৰণ, শুকুৰবাৰৰ নামাজ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হব। সময়খিনি এঘণ্টা পিছুৱাই দিয়া হৈছে। তেওঁ কয় যে তেওঁলোকে ইৰাকৰ ধৰ্মগুৰু আয়াতুল্লাহ ছায়েদ চিস্তানীৰ পৰা পৰামৰ্শ লৈছিল।

Related News