NORTHEAST NOW (Assamese)
অসম

ৱেষ্ট ইণ্ডিজক দুবাৰকৈ টি-২০ বিশ্বকাপ জয়ী কৰোৱা এইগৰাকী ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা

November 4, 2020 12:01 pm

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ অভিজ্ঞ বেটছমেন মাৰ্লন ছেমুৱেলছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে।

২০১৮ চনৰ ডিচেম্বৰ মাহত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ পিছৰ পৰা তেওঁ আৰু ৱেষ্ট ইণ্ডিজৰ হৈ কোনো মেচতে অংশ লোৱা নাছিল।

বুধবাৰে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডে তেওঁৰ অৱসৰৰ বাতৰি নিশ্চিত কৰে।

ৱেষ্ট ইণ্ডিজ ক্ৰিকেট বোৰ্ডে এটা ইংৰাজী ৱেবছাইটক জানিব দি কয় যে ছেমুৱেলছে বোৰ্ডক জনাইছিল যে তেওঁ জুন মাহত অৱসৰ গ্ৰহণ কৰি আছে।

তেওঁ ২০১৮ চনৰ ডিচেম্বৰত তেওঁৰ অন্তিমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

২০০০ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটনা ৩৯ বছৰীয়া ছেমুৱেলছে ৱেষ্ট ইণ্ডিজৰ হৈ মুঠ ৭১ খন টেষ্ট, ২০৭ খন এদিনীয়া আৰু ৬৭ খন টি-২০ মেচ খেলিছে।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ ১১ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰাৰ উপৰি ১৫০ৰো অধিক উইকেট দখল কৰে।

মাৰ্লন ছেমুৱেলছ দুটাকৈ টি-২০ বিশ্বকাপ বিজয়ৰ অংশ আছিল।

ছেমুৱেলছে ৱেষ্ট ইণ্ডিজৰ হৈ দুয়োবাৰে টি-২০ বিশ্বকাপৰ ফাইনেলত আকৰ্ষণীয় বেটিং প্ৰদৰ্শনেৰে দলক চেম্পিয়ন কৰাইছিল।

২০১২ চনৰ টি-২০ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ফাইনেলত তেওঁ ৫৬ টা বলত ৭৮ ৰানৰ ইনিংছ খেলিছিল।

ইয়াৰ উপৰি কলকাতাত অনুষ্ঠিত হোৱা ২০১৬ৰ টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলতো ইংলেণ্ডৰ বিৰুদ্ধে ৮৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি দলক চেম্পিয়ন কৰাইছিল।