NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ তিনিখন জিলাত গৃহৰক্ষী বাহিনীত পুনৰ মকৰলৰ বাবে আবেদন পত্ৰ আহ্বান

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও January 14, 2022 4:06 pm

বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত ৫৫ বছৰ বয়স অনুৰ্দ্ধ ম্যাদ উকলি যোৱা সমূহ গৃহৰক্ষী স্বেচ্ছাসেৱক আৰু সেৱিকা তথা ২০২২ বৰ্ষৰ জানুৱাৰী মাহত ম্যাদ উকলিব লগা গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক তথা স্বেচ্ছাসেৱিকাসকলে যদি পুনৰ পৰৱৰ্তী ৩ বছৰৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক তেনেহ’লে আগন্তুক ২০২২ বৰ্ষৰ শাৰীৰিক সুস্থতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে গোৱালপাৰা জিলা গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি নিৰ্দিষ্ট নথিপত্ৰ (আত্মপ্ৰত্যায়িত কপি)সহ ২৮ জানুৱাৰীৰ ভিতৰত কাৰ্যালয় খোলা থকা সময়ত গোৱালপাৰাস্থিত গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ কাৰ্যালয়ত জমা দিবলৈ কোৱা হৈছে।

এই প্ৰ-পত্ৰ পূৰণ কৰি ইয়াৰ লগত বুনিয়াদি গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, ইউনিফৰ্মত উঠা পাচপোৰ্ট আকাৰৰ ৩ কপি ফটো, ষ্টেট বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি আৰু পান কাৰ্ডৰ ফটো কপিসহ গোৱালপাৰা জিলাৰ গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ কাৰ্যালয়ত জমা দিবলৈ কোৱা হৈছে।

উক্ত প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে কোনো ধৰণৰ মাচুলৰ প্ৰয়োজন নাই।তদুপৰি প্ৰ-পত্ৰ জমা দিওতে গৃহৰক্ষী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰৰ মূল কপি লগত আনিবলৈ কোৱা হৈছে। সঞ্চালক প্ৰধান অসামৰিক প্ৰতিৰক্ষা আৰু সৰ্বাধিনায়ক গৃহৰক্ষী বাহিনী, অসমৰ নিৰ্দেশনামৰ্মে এই প্ৰ-পত্ৰ জমা দিবলৈ কোৱা হৈছে।