NORTHEAST NOW (Assamese)

শৰীৰত কিছু অসুস্থতা অনুভৱ; পুনৰ এইমছত ভৰ্তি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

August 18, 2020 1:42 pm · এন ই নাও নিউজ
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পুনৰ হাস্পাতলত ভৰ্তি হৈছে। সোমবাৰে মাজনিশা তেওঁক নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়।

বৰ্তমান গৃহ মন্ত্ৰীগৰাকী চিকিৎসকৰ পৰ্যবেক্ষণত আছে। এইমছৰ সঞ্চালক ডাঃ ৰণদীপ  গুলেৰিয়াৰ নেতৃত্বত চিকিৎসকৰ এটা দলে তেওঁৰ পৰ্যবেক্ষণ কৰি আছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে গৃহ মন্ত্ৰীগৰাকীয়ে কৰ’নামুক্ত হৈ হাস্পাতলৰ পৰা উভতিছিল।

বাতৰি অনুসৰি, সোমবাৰে নিশা অমিত শ্বাহ ৰক্তচাপ বৃদ্ধি পোৱাৰ লগতে শ্বাসকষ্ট অনুভৱ কৰে। ইয়াৰ পাছতে তেওঁক ততাতয়াকৈ এইমছত ভৰ্তি কৰা হয়।

হাস্পতলৰ পৰা জানিবলৈ দিয়া মতে, যোৱা তিনি চাৰিদিন ধৰি তেওঁ গাৰ বিষত ভূগিছিল। তেওঁ কিছু ক্লান্তি অনুভৱ কৰিছে। অৱশ্যে, তেওঁৰ কোভিড-১৯ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

কোভিডৰ পৰা মুক্ত হোৱাৰ পৰৱৰ্তী শুশ্ৰূষাৰ বাবেই তেওঁ হাস্পাতলত ভৰ্তি হোৱা বুলি কোৱা হৈছে। তেওঁ ভালে আছে আৰু বৰ্তমান হাস্পাতলৰ পৰাই তেওঁ কামকাজ চলাব।

যোৱা শুকুৰবাৰে অমিত শ্বাহৰ টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ অহাৰ কথা গৃহ মন্ত্ৰী গৰাকীয়ে নিজেই টুইট কৰি প্ৰকাশ কৰিছিল।

তেওঁ জানিবলৈ দিছিল যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ কিছুদিন ছেলফ আইছ’লেশ্যনত থাকিব।

ইয়াৰ পাছতে শৰীৰত কিছু অসুস্থতা অনুভৱ কৰাৰ পাছত সোমবাৰে তেওঁ পুনৰ হাস্পাতলত ভৰ্তি হৈছে।

Related News