NORTHEAST NOW (Assamese)

এইবাৰ হানি সিঙৰ বিৰুদ্ধে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ

April 21, 2023 6:34 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2023 7:56 pm

এটা বিতৰ্ক শেষ হোৱাৰ আগতেই যেন আন এটা বিতৰ্কত লিপ্ত হয় হানি সিং।

বৃহস্পতিবাৰে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স থানাত তেওঁৰ বিৰুদ্ধে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ দাখিল কৰা হয়। অভিযোগ অনুসৰি হানি সিং আৰু তেওঁৰ সহযোগীয়ে এটা ইভেণ্ট কোম্পানীৰ মেনেজাৰক অত্যাচাৰ কৰি অপহৰণ কৰিছিল।

ইভেণ্ট মেনেজাৰ বিবেক ৰমনে অভিযোগ কৰে যে হানিৰ সৈতে ধনৰ লেনদেন সন্দৰ্ভত হোৱা বিবাদৰ বাবে ১৫ এপ্ৰিলত তেওঁৰ অনুষ্ঠান বাতিল কৰিছিল। ইয়াৰ পিছত হানি আৰু তেওঁৰ সহযোগীসকলে তেওঁক অপহৰণ কৰি অত্যাচাৰ চলাইছিল।

ঘটনা সন্দৰ্ভত বিকেচি থানাত এজাহাৰ দাখিল কৰিছে বিবেক ৰমনে।

এই অভিযোগৰ প্ৰত্যুত্তৰ দি হানীয়ে লিখিছে, “ৰমনৰ এই অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। উক্ত কোম্পানীটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। সেই ব্যক্তিজনে মোৰ চৰিত্ৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে, তেখেতৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হ’ব।”

উল্লেখ্য যে হানি সিঙৰ ওপৰত এখন তথ্যচিত্ৰ অতি সোনকালে OTT প্লেটফৰ্মত মুক্তি পাব। তাত তেওঁ নিজৰ জীৱন আৰু ৰেপৰ জগতত আত্মপ্ৰকাশ কৰাৰ পৰাই হোৱা নিজৰ বিষণ্ণতাৰ কথা কৈছে। ইয়াৰ পূৰ্বেও কেইবাবাৰো আইনী জটিলতাৰ সৈতে জড়িত হৈ পৰিছিল ৰেপ তাৰকাগৰাকী।

Related News