NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ আটাইতকৈ দামী চহৰ হংকং; সস্তা পাকিস্তানৰ ৰাজধানী ইছলামাবাদ! ভাৰতৰ কোন চহৰ কিমান স্থানত?

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া July 4, 2024 4:25 pm

বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰৰ খিতাপ চীনৰ ভূখণ্ডৰ “স্বায়ত্তশাসিত” হংকঙক দিয়া হৈছে। শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি সেই চহৰত এজন ব্যক্তিৰ বাবে প্ৰবাসী হিচাপে জীয়াই থকাৰ বাবে আটাইতকৈ বেছি ধন খৰচ হয়।

গড় আয়, ২০০ টা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যকে ধৰি চাৰিটা মাপকাঠী পৰ্যালোচনা কৰা বিত্তীয় গৱেষণা সংস্থা মাৰ্চাৰে প্ৰকাশ কৰা ‘কষ্ট অৱ লিভিং চিটি ৰেংকিং ২০২৪’ শীৰ্ষক প্ৰতিবেদনত দক্ষিণ-পূব এছিয়াৰ ছিংগাপুৰ আৰু ছুইজাৰলেণ্ডৰ জুৰিখক এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানৰ ব্যয়বহুল চহৰ হিচাপে চিহ্নিত কৰা হৈছে।

বিশ্বৰ ২২৬খন ডাঙৰ চহৰৰ জীৱন-যাপনৰ ব্যয় তুলনা কৰা প্ৰতিবেদন অনুসৰি পাকিস্তানৰ ৰাজধানী ইছলামবাদ বিশ্বৰ আটাইতকৈ কম খৰচী চহৰ। ইয়াৰ ঠিক ওপৰত আফ্ৰিকান দেশ নাইজেৰিয়াৰ দুখন চহৰ – লাগোছ আৰু আবুজা। একাংশ অৰ্থনীতিবিদে ভাবে যে পাকিস্তানৰ দুৰ্বল অৰ্থনীতিৰ বাবেই ইছলামবাদৰ স্থিতি তলৰ ফালে আছে।

‘কষ্ট অৱ লিভিং চিটি ৰেংকিং ২০২৪’ অনুসৰি ভাৰতৰ আটাইতকৈ দামী চহৰ মুম্বাই। ২২৬খন চহৰৰ তালিকাত মহাৰাষ্ট্ৰৰ ৰাজধানী ১৩৬ নম্বৰ স্থানত আছে। ইয়াৰ পাছত দেশৰ ৰাজধানী দিল্লী (১৬৫)। ইয়াৰ উপৰিও চেন্নাই (১৮৯), বাংগালুৰু (১৯৫), হায়দৰাবাদ (২০২) আৰু পুনে (২০৫)। এই তালিকাত কলকাতাক ‘ভাৰতৰ সস্তা চহৰ’ হিচাপে চিনাক্ত কৰা হৈছে। বিশ্বৰ ২২৬খন চহৰৰ ভিতৰত বংগৰ ৰাজধানী ২০৭ নম্বৰত আছে।