NORTHEAST NOW (Assamese)
Popular Stories

দেওবাৰৰ পৰা ঐতিহাসিক হৰ্ণবিল ফেষ্টিভেল; পৰ্যটকক আদৰিবলৈ সাজু নাগালেণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2019 7:06 pm
Hornbill Festival

দেওবাৰৰ পৰা নাগালেণ্ডৰ ঐতিহাসিক কিছমা গাঁৱত দহদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব ২০১৯ বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেল।

নাগালেণ্ড চৰকাৰে ইতিমধ্যে উত্তৰ-পূবৰ বৃহৎ পৰ্যটন উৎসৱ ‘হৰ্ণবিল ফেষ্টিভেল’লৈ ৫ কোটি টকা আৱণ্টন জনাইছে।

নাগালেণ্ডৰ কলা-সংস্কৃতি আৰু পৰ্যটন উপদেষ্টা খেহোভি য়েপথোমিয়ে চলিত বৰ্ষত চৰকাৰে আৱণ্টন জনোৱা ধনৰাশি ২০১৮ বৰ্ষৰ সৈতে একে সমান পৰিমানৰ যদিও চলিত বৰ্ষত ৭.৯৮ কোটি টকা অতিৰিক্তভাৱে খৰচ হ’ব যাৰ বাবে মুঠ বাজেট ৪৫ কোটি টকালৈ বৃদ্ধি হ’ব বুলি জানিবলৈ দিয়ে।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি হৰ্ণবিল ফেষ্টিবেলৰ মূখ্য দায়িত্বত থকাৰ লগতে মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ মূল উদ্যোক্তা।

ঐতিহাসিক ফেষ্টিভেলখন বৰ্তমান কিছমাৰ পৰা কোহিমা, মোকোমচুং, ডিমাপুৰ, ৱোখা আদি অঞ্চললৈ বিস্তাৰিত হৈ পৰিছে।

উল্লেখযোগ্য যে, ২০১৮ বৰ্ষত মুঠ ২,৫১,৭০১ গৰাকী পৰ্যটকে হৰ্ণবিল ফেষ্টিভেল চাবলৈ আহিছিল ইয়াৰ ভিতৰত ২৭০২ গৰাকী বিদেশী, ৩৭,৩৯৭ গৰাকী দেশী আৰু ২,১১,৬০২ গৰাকী স্থানীয় পৰ্যটক।

প্ৰতিবছৰে নাগালেণ্ডৰ চহকী কৃষ্টি-সংস্কৃতি, জীৱন-ধাৰণ প্ৰণালী আৰু খাদ্যভাষক লৈ হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত কৰি অহা হৈছে।

চলিত বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেলৰ ডিজিটেল সহযোগী হৈছে ৰিলায়েঞ্চ জিঅ’ ইনফোকম লিমিটেড।

হৰ্ণবিল ফেষ্টিভেলৰ সময়ত জিঅ’ই বিভিন্ন স্থানত বিনামূলীয়া ৱাইফাই সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে।

জিঅ’ই বিগত তিনিবছৰ ধৰি নাগালেণ্ড চৰকাৰৰ সৈতে হৰ্ণবিল ফেষ্টিভেলৰ প্ৰচাৰৰ কামত ব্ৰতী হৈ আছে।