NORTHEAST NOW (Assamese)
Popular Stories

আমিষ খাদ্য বিতৰ্কত উচ্চ ন্যায়ালয়ে ক’লে, “মানুহে কি খাবলৈ ইচ্ছা কৰে সেইয়া আপুনি কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰে ?”

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2021 5:27 pm
Court Fines Man For Filing 11 Bail Pleas In 1 Year

আমিষ খাদ্য বিক্ৰী কৰা খাদ্য দোকানৰ বিৰুদ্ধে শেহতীয়া অভিযানৰ বাবে আহমেদাবাদ পৌৰ নিগমক ভৎসৰ্না কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে ৰাজ্যখনৰ বিজেপি শাসিত পৌৰ নিগমে পদপথৰ খাদ্য সামগ্ৰীৰ দোকানসমূহত আমিষ খাদ্য বিক্ৰী বন্ধ কৰাৰ বাবে অভিযান চলাইছিল। এই অভিযানৰ বিৰুদ্ধে ২০ জন পদ পথৰ দোকানীয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে মন্তব্য কৰে যে কিছুমান লোকৰ অহংকাৰ পূৰণ কৰিবলৈ এনে পদক্ষেপ লোৱা উচিত নহয়। আদালতে নাগৰিক সংস্থাক সতৰ্ক কৰি দিছিল যে ৰাজনৈতিক হেঁচাত এনে কাৰ্য্য চলাব নালাগে।

ন্যায়াধীশ বীৰেন বৈষ্ণৱে আহমেদাবাদ পৌৰ নিগমক ভৎসৰ্না কৰি কয়, “আপোনালোকৰ সমস্যা কি ? মই মোৰ ঘৰৰ বাহিৰত কি খাদ্য খাম, সেয়া আপোনালোকে কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰে? মানুহে ইচ্ছানুসৰি খোৱা খাদ্যক আপোনালোকে কেনেদৰে বন্ধ কৰিব পাৰে?”

শাসনত থকা লোকে যি ইচ্ছা কৰে সেয়াই সিদ্ধান্ত লোৱা হ’ব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে উচ্চ ন্যায়ালয়ে।