NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংক; ক’ৰ’না ভাইৰাছে কিডনীত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 8:03 pm

ক’ৰ’না ভাইৰাছে কিডনীত প্ৰভাৱ পেলাব পাৰে নিকে!

যদি পেলাই কেনেধৰণৰ প্ৰভাৱ পেলায়?

চিকিৎসা বিজ্ঞানৰ মতে কিডনীৰ ৰোগত ভুগি থকা লোকে অন্য সাধাৰণ লোকতকৈ শীঘ্ৰে ক’ৰ’না ভাইৰাছৰ দ্বাৰা মৃত্যু ঘটিব পাৰে!

অৱশ্যে কোভি১৯ এ পোনপতীয়াকৈ কিডনীত আক্ৰমণ নকৰে। কিডনী ফেইলৰ বা ডেমেজ হৈ থকা মানুহৰ শৰীৰত বিভিন্ন অংগ অকাৰ্যক্ষম হৈ থাকে। ফলত তেনেলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট পৰিমাণে হ্ৰাস পায়।

য়ুহানত ৮৫ শতাংশ ক’ৰ’না ৰোগীৰ মাজৰ ২৭ শতাংশ কিডনীৰ ফেইলৰ লোক সহজতে ক’ৰ’না আক্ৰান্ত হোৱা বুলি এক অধ্যয়নত প্ৰকাশ কৰা হৈছে।

ইফালে আমেৰিকান জাৰ্ণেল কিডনী ডিজিচেছ(AJKD)ৰ এক অধ্যয়নত কোৱা হৈছে যে কিডনীৰ ৰোগত ভুগি থকা ১৫ শতাংশ লোকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

নেচাৰ নামৰ জাৰ্ণেলখনত কোৱা হৈছে যে চীনত কিডনীৰ ৰোগত ভুগি থকা ৯৩.৬ শতাংশ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ইয়াৰে ৫.৩ শতাংশ লোকক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

আনহাতে কোৱা হৈছে যে ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱা কিডনী ৰোগত ভুগি থকা লোকক কোভিড১৯এ সহজে আক্ৰমণ কৰিব পাৰে।

AJKDৰ অধ্যয়নে কৈছে যে কিডনীৰ ৰোগত আক্ৰান্ত ডাইলেচিছ কৰি থকা ৰোগীক কোভিড১৯ সংক্ৰমণ ঘটাৰ পিছত দ্বিতীয় সপ্তাহৰ পৰাই আই চি ইউত ভৰ্তি কৰোৱা হাৰ হৈছে ৫ শতাংশ।