NORTHEAST NOW (Assamese)
অসম

কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ? তদন্তকাৰীয়ে বিচাৰি পালে সিদ্ধাৰ্থৰ নিৰ্দেশত অমৃতপ্ৰভাই ডিলিট কৰা ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2025 3:37 pm
কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ? তদন্তকাৰীয়ে বিচাৰি পালে সিদ্ধাৰ্থৰ নিৰ্দেশত অমৃতপ্ৰভাই ডিলিট কৰা ভিডিঅ’

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা এছ আই টিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ শেষ সময়ৰ ভিডিঅ’।

জুবিন গাৰ্গৰ কিদৰে মৃত্যু হৈছিল সেই সময়ৰ ভিডিঅ’ আছিল অমৃতপ্ৰভা মহন্তৰ মোবাইলত।

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত অমিতপ্ৰভাই ডিলিট কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিঅ’।
এই ডিলিট কৰা ভিডিঅ’ উদ্ধাৰ কৰিছে চাইবাৰ বিশেষজ্ঞই।

ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ আগমুহূৰ্তৰ ভিডিঅ’ খণ্ড খণ্ডকৈ প্ৰচাৰ কৰা হৈছিল সামাজিক মাধ্যমত। কিন্তু লুকুৱাই ৰখা হৈছিল জুবিন গাৰ্গৰ মৃত্যু হোৱা সময়ৰ ভিডিঅ’। এই ভিডিঅ’ই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সহজ কৰি আগুৱাই নিব বুলি আশা কৰিছে তদন্তকাৰী সকলে।