NORTHEAST NOW (Assamese)
জীৱনশৈলী

গৰমত ৰ’দৰ পৰা নিজৰ ছালখন কেনেকৈ ৰক্ষা কৰিব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2025 7:00 am

গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছালচুলিৰ যথেষ্ট পৰিমানে ক্ষতি হয় এই দিনকেইটাত সেয়েহে ছালচুলিৰ উপযুক্ত যত্ন লাগে

গৰমত শৰীৰৰে পৰ্যাপ্ত পানী পোৱাতো দৰকাৰী। দিনত কমেও ৮-১০ গ্লাছ পানী খাব লাগে।

SPF ৩০ বা তাতকৈ বেছি থকা সানস্ক্ৰীন ক্ৰীম ব্যৱহাৰ কৰি ছালক সূৰ্যৰ কঠিন কিৰণৰ পৰা ৰক্ষা কপ্ৰিব লাগে। ২-৩ ঘণ্টাৰ মূৰে মূৰে পুনৰ সানস্ক্ৰীন ক্ৰীম লগাব লাগে।

ৰ’দত ওলালে মলমল, কটনৰ দৰে কপোৰেৰে মুখ খন ঢাকি ৰাখক।

সূৰ্যৰ তীক্ষ্ণ ৰশ্মিৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। পৰাপক্ষত বাহিৰলৈ ওলাওতে ছাতি ব্যৱহাৰ কৰক।

দৈ, বিলাহী, তিয়হ আদিৰ মিশ্রণেৰে মুখখন পৰিস্কাৰ কৰিব পাৰে। তেজপাতৰ পাত আৰু গাখীৰৰ লেপ লাগাই ছালক শীতল কৰক।

নেমু, তৰমুজ, নাৰিকলৰ পানীৰ দৰে খাদ্য খাওঁক। গৰমত অধিক তেল মচলাৰ পৰা আঁতৰি থাকক।

গৰমত ঘাম আৰু ধূলিয়ে ছালখন লেতেৰা কৰে।  দিনত ২-৩ বাৰ ফেচৱাশ্বেৰে মুখখন পৰিস্কাৰ কৰক।

৭-৮ ঘণ্টা টোপনি মাৰক। ই স্বাস্থ্য বজাই ৰখাত সহায় কৰে। যদি ছালত গুৰুতৰ সমস্যা হয়, তেন্তে চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।