NORTHEAST NOW (Assamese)

জিমলৈ নোযোৱাকৈ এই বয়সতো কেনেকৈ ফিট হৈ আছে মিলিন্দ সুমন? ‎

August 1, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 31, 2025 8:43 pm

মিলিন্দ সুমনৰ বয়স প্ৰায় ষাঠি বছৰ। মুখত দাড়ি, পেশীবহুল শৰীৰ আৰু ছয় ফুট উচ্চতা। বয়সৰ লগে লগে যেন তেওঁ সৰু হৈ আহিছে। আচৰিত কথাটো হ’ল এই অভিনেতাজনে কোনো ধৰণৰ হাৰ্ডকোৰ ৱৰ্কআউট নকৰে। তেওঁ ব্যায়ামৰ বাবে জিমলৈয়ো নাযায়। তথাপিও বহু মহিলা আৰু পুৰুষ অনুৰাগী তেওঁৰ শাৰীৰিক আকৰ্ষণক লৈ উন্মাদ। ফিট আৰু সুন্দৰ হৈ থাকিবলৈ কি কৰে মিলিন্দ সুমনে?

(১) মিলিন্দে শুই শোৱাৰ বাবে এটা নিৰ্দিষ্ট সময় বাছি লৈছে। প্ৰতি নিশা নিৰ্দিষ্ট সময়ত শুই ৰাতিপুৱা ৮.৩০ বজাত শুই উঠে। তেওঁ সদায় এই নিয়ম মানি চলি আহিছে। শুই উঠাৰ লগে লগে সি ব্যায়াম কৰিবলৈ আৰম্ভ কৰে।

(২) শৰীৰটো ফিট কৰি ৰাখিবলৈ তেওঁ প্ৰতিদিনে মুকলি পৰিবেশত কিছু সময় ব্যায়াম কৰে। কিন্তু কোনো গধুৰ ব্যায়াম নহয়। তেওঁ হাৰ্ডকোৰ ৱৰ্কআউট এৰাই চলিছে। মিলিন্দে যোগাসন, প্লেংক আৰু লঘু ব্যায়াম কৰিবলৈ পছন্দ কৰে।

(৩) মিলিন্দে চাহ বা কফি একেবাৰেই ভাল নাপায়। শৰীৰটো ফিট কৰি ৰাখিবলৈ তেওঁ খাদ্যত ফলমূল, শাক-পাচলি, শস্য আদি ৰাখে। ব্ৰেকফাষ্টত বাদাম খাই দিনটো আৰম্ভ কৰে। পানীৰ উপৰিও তেওঁ খাদ্যত তৰমুজ বা পেঁপাৰ দৰে ফলৰ ৰসও ৰাখে।

(৪) তেওঁ সপ্তাহত ৬০-৭০ কিলোমিটাৰ দৌৰে। তেওঁ নিয়মিতভাৱে সাঁতোৰ আৰু চাইকেল চলোৱাৰ দৰে ব্যায়ামো কৰে। ইয়াৰ ফলত কঁকালৰ তলৰ অংশ বিশেষকৈ ভৰিৰ পেশীবোৰ ভাল ব্যায়াম হয়। একে সময়তে হৃদযন্ত্ৰৰ স্বাস্থ্যও বৃদ্ধি পায়।

(৫) প্ৰতিদিনে দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে ৫০টা পুছ আপ কৰে মিলিন্দে। দিনটোৰ কামৰ মাজত সময় পালে এনেদৰে ব্যায়াম কৰে।

(৬) বহুতে ভাবে যে মিলিন্দে কঠোৰ খাদ্যাভ্যাস মানি চলে। কিন্তু আমোদজনক কথাটো হ’ল তেওঁৰ ঘৰতে ৰন্ধা খাদ্যৰ প্ৰতি বেছি আগ্ৰহ। বাহিৰৰ খাদ্য তেওঁ পৰিহাৰ কৰে। বিশেষকৈ পেকেটত ভৰোৱা খাদ্য। বৰঞ্চ তেওঁ ঘৰতে ৰন্ধা খাদ্য, কম তেল আৰু মছলা খাবলৈহে বেছি পছন্দ কৰে। ‎

Related News