NORTHEAST NOW (Assamese)
দেশ

আৰু কিমান আসন লাভ কৰিলে ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2026 5:33 pm

ৰাষ্ট্ৰীয় ৰাজনীতিত দেখা গৈছে এক অভূতপূৰ্ব পৰিৱৰ্তন। নিঃশেষ হোৱাৰ পথত আম আদমি পাৰ্টিৰ সংসদীয় শক্তি। আজি আম আদমি পাৰ্টি ত্যাগ কৰি ৭ গৰাকী সাংসদে একেলগে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে।

এই সকলৰ ভিতৰত ৰাঘৱ চাড্ডা, স্বাতী মালিৱাল, হৰভজন সিং, অশোক মিট্টল, সন্দীপ পাঠক, ৰাজিন্দৰ গুপ্তা আৰু বিক্ৰম সাহানীৰ দৰে প্ৰভাৱশালী নেতা আছে। এই বৃহৎ দলত্যাগৰ ফলত ৰাজ্যসভাত বিজেপিৰ শক্তি পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে।

এনডিএ মিত্ৰজোঁটে ইতিমধ্যে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি থৈছে যদিও এতিয়া বিজেপি এককভাৱে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্ৰসৰ হৈছে। ইয়াৰ আগতে ৰাজ্যসভাৰ ২৪৫খন আসনৰ ভিতৰত বিজেপিৰ হাতত আছিল ১০৬ জন সাংসদ আৰু এনডিএৰ মুঠ আসন আছিল ১৩৯খন। এতিয়া আম আদমি পাৰ্টিৰ সাতজন সাংসদে যোগদান কৰাৰ পিছত বিজেপিৰ একক সদস্য সংখ্যা বৃদ্ধি পাই ১১৩ পালেগৈ। একেদৰে এনডিএৰ মুঠ সাংসদৰ সংখ্যা এতিয়া ১৪৬ জন হ’ল।

সাধাৰণতে ২৫০খন আসন থকা ৰাজ্যসভাত মেজিক ফিকাৰ বা সংখ্যাগৰিষ্ঠতাৰ বাবে ১২৬খন আসনৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমান সময়ত কেইখনমান আসন খালী হৈ থকাৰ বাবে সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় সংখ্যাটো ১২৬তকৈ অলপ তললৈ নামিছে। এই পৰিস্থিতিত আপৰ সাংসদসকলৰ বিজেপিলৈ গমনৰ ফলত বিজেপি একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্যৰ যথেষ্ট কাষ চাপি গৈছে। এই ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়ত আপৰ বাবে এক ডাঙৰ সংকট কঢ়িয়াই আনিছে আৰু বিজেপিৰ হাত শক্তিশালী কৰি তুলিছে।