NORTHEAST NOW (Assamese)

তিনিখন ৰাজ্যত একাধিক ঘৰ-মাটি! কিমান সম্পত্তিৰ গৰাকী কংগনা ৰাণাৱট?

May 17, 2024 5:20 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 17, 2024 7:25 pm

বলীউডৰ মোহময়ী অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰাণাৱটৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

১ জুনত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ মণ্ডী লোকসভাৰ নিৰ্বাচন। মঙলবাৰে নিৰ্বাচনী আয়োগৰ আগত লোকসভাৰ মনোনয়ন পত্ৰ দাখিল কৰিছে কংগনা ৰানাৱটে।

নিৰ্বাচন আয়োগৰ আগত দাখিল কৰা শপতনামা অনুসৰি কংগনাই ৰাজহুৱা কৰিছে নিজৰ শিক্ষা-দীক্ষা আৰু সা-সম্পত্তিৰ পৰিমাণ।

শপতনামা অনুসৰি বৰ্তমান কংগনাৰ আছে প্ৰায় ৯১ কোটি টকাৰ সম্পত্তি। অৱশ্যে তেওঁৰো আছে কেইবা কোটি টকাৰ ঋণ।

নিৰ্বাচনী শপতনামা অনুসৰি অভিনেত্ৰীগৰাকীৰ দেশৰ তিনিখন ৰাজ্যত মাটি আৰু ঘৰৰ আছে। মুম্বাইত তেওঁৰ তিনিটা ঘৰ আছে। তাৰে এটা বাংলো। ইয়াৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা। মুম্বাইত তেওঁৰ এটা প্ৰডাকচন কোম্পানীও আছে।

কৰ্মসূত্ৰে মুম্বাইৰ বাসিন্দা যদিও অভিনেত্ৰীগৰাকীৰ জন্ম মানালীত। কেইবছৰমান আগতে অভিনেত্ৰীগৰাকীয়ে মানালীতো এটা ঘৰ সাজিছিল। বৰ্তমান যাৰ বজাৰ মূল্য প্ৰায় ১৬ কোটি টকা। ইয়াৰ উপৰিও চণ্ডীগড়ত অভিনেত্ৰীগৰাকীৰ কেইবাটাও সম্পত্তি আছে।

শপতনামা অনুসৰি কংগনাৰ হাতত আছে ৬.৫ কেজি সোণ আৰু ৬০ কেজি ৰূপ। ইয়াৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ৫০ কোটি টকা। লগতে বৰ্তমান বেংকত ১ কোটি ৩২ লাখ টকা জমা আছে কংগনাৰ।

বৰ্তমান কংগনাৰ হাতত আছে নগদ ২ লাখ টকা।

শপতনামা অনুসৰি ২০২২-২০২৩ বৰ্ষত অভিনেত্ৰীগৰাকীৰ বাৰ্ষিক আয় আছিল ৪ কোটি। এই বছৰত এতিয়ালৈকে তেওঁ ১২ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ উপৰিও তেওঁৰ ১৭ কোটি টকাৰ ঋণ আছে।

কেইবাখনো বিলাসী গাড়ীৰ লগতে কংগনাৰ এখন স্কুটাৰো আছে।

Related News