NORTHEAST NOW (Assamese)
জীৱনশৈলী

সাৱধান! গৰমত হ্ৰাস পাব বীৰ্যৰ ঘনত্ব: সমস্যাৰ পৰিত্ৰাণ পাব কেনেকৈ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 14, 2023 5:49 pm

গৰম আহি পালেহি। গৰম আহি পোৱাৰে পৰা যৌন সম্পৰ্ক বা হস্তমৈথুনৰ সময়ত বীৰ্যৰ পৰিমাণ কমি অহা যেন অনুভৱ হৈছে নেকি? অথবা বীৰ্যৰ ঘনত্বত সামান্য পাৰ্থক্য দেখা পাইছে নেকি? যদি তেনে হৈছে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। অৱশ্যেই এইক্ষেত্ৰত আপুনি সাৱধান হোৱাটো জৰুৰী।

যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে তাপমাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিভিন্ন ৰাজ্যত গৰমৰ ঢৌ আৰম্ভ হৈছে। চিকিৎসকৰ মতে, উষ্ণতা বৃদ্ধিৰ বাবে বীৰ্যত শুক্ৰাণুৰ পৰিমাণ কমি যাব পাৰে। বীৰ্যৰ ঘনত্বও হ্ৰাস  হ’ব পাৰে। যিটো বহু ক্ষেত্ৰত পুৰুষৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিব পাৰে। কিন্তু পুৰুষে সঠিক পদ্ধতি অনুসৰণ কৰিলে এই সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব।

এই সমস্যাৰ পৰা হাত সাৰিবলৈ পুৰুষে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে বুলি চিকিৎসকে পৰামৰ্শ দিছে। ইয়াৰ উপৰিও চিকিৎসকে পুষ্টিকৰ খাদ্য, গ্লুক’জ আৰু ফল-মূল খাবলৈও পৰামৰ্শ আগবঢ়াইছে। একেবাৰে প্ৰয়োজনীয় নহ’লে ৰ’দত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে। অথবা বাহিৰলৈ গ’লে লগত এটা ছাতি এটা লৈ যাব লাগে।

ইয়াৰ উপৰিও শুক্ৰাণুৰ সংখ্যা হ্ৰাস হোৱাৰ সমস্যা সমাধানৰ বাবে আন কিছুমান টিপছ আছে।

‘হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থ’ৰ অধ্যয়ন অনুসৰি গ্ৰীষ্মকালত পুৰুষেও আণ্ডাৰৱেৰৰ প্ৰতি সাৱধান হ’ব লাগে। কাৰণ আণ্ডাৰৱেৰে শুক্ৰাণুৰ গুণাগুণত প্ৰভাৱ পেলায়।

অধ্যয়নটোৰ মতে, গৰমৰ দিনত আপেক্ষাকৃতভাৱে পাতল ধৰণৰ আণ্ডাৰৱেৰ পিন্ধা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বেছি পোৱা গৈছে।

শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে মদ্যপান আৰু ধূমপান এৰিবলৈও পৰামৰ্শ দিছে চিকিৎসকে। ইয়াৰ উপৰিও অধ্যয়নটোত দেখা গৈছে যে সপ্তাহত ১৫ ঘণ্টা বা তাতকৈ অধিক সময় ব্যায়াম কৰা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা প্ৰায় ৭৩ শতাংশ বেছি।