NORTHEAST NOW (Assamese)
Popular Stories

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2025 6:30 am

ভিটামিন ডিৰ অভাৱত শৰীৰত সমস্যাৰ সৃষ্টি হয়। হাড়ৰ সমস্যা, হাত ভৰিৰ বিষ, দুৰ্বলতা ইত্যাদি কিন্তু এই সকলোবোৰ বাদ দি ভিটামিন ডিৰ অভাৱত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ লগতে চুলিৰ ক্ষতিও হয়। যদি আপুনি শৰীৰত ভিটামিন ডিৰ অভাৱত চুলি সৰাৰ দৰে সমস্যাত ভুগিছে তেন্তে এই সমস্যা সমাধানৰ বাবে কি কি পদ্ধতি ব্যৱহাৰ কৰিব লাগে জানি লওক।

চুলিৰ শিপা মজবুত হলেহে চুলিৰ বৃদ্ধি ভাল হব। তাৰ বাবে ফোলিকলটো ভাল হব লাগিব। ফোলিকলটোক পুষ্টিৰো প্ৰয়োজন। আৰু ভিটামিন ডিয়ে এই ফোলিকল গঠনত সহায় কৰে। গতিকে, আপুনি আপোনাৰ খাদ্য তালিকাত ভিটামিন ডি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব।

এই ক্ষেত্ৰত কণীৰ কুহুম অতি পুষ্টিকৰ খাদ্য। ইয়াত থকা প্ৰটিন, খনিজ পদাৰ্থ আৰু স্বাস্থ্যকৰ চৰ্বিয়ে চুলিৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

এই ক্ষেত্ৰত ওমেগা থ্ৰী ফেটি এচিডযুক্ত মাছ উপযোগী। মাছত থকা এই উপাদানে চুলিৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।

এইটো খাদ্যৰ কথা। কিন্তু ইচ্ছা কৰিলে চুলিত ভিটামিন ডিও ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ কৰিব? ভিটামিন ডি সমৃদ্ধ পেক চুলিত লগাব পাৰে। এনে ক্ষেত্ৰত কণীৰ কুহুম আটাইতকৈ উপকাৰী। কণীৰ কুহুম দুটা ১ চামুচ নাৰিকল তেল আৰু কেইটোপালমান মৌ মিহলাই ভালদৰে মিহলাই লওক। তাৰ পিছত ২০ মিনিটমান চুলিত লগাওক আৰু তাৰ পিছত ধুই চেম্পু কৰি লওক।

যদি আপোনাৰ মূৰৰ ছালখন তেলীয়া হয় তেন্তে এই পেকটোত নেমুৰ ৰস আৰু এলোভেৰা জেল মিহলাই একে পদ্ধতিৰে চুলিত লগাব পাৰে। তৎক্ষণাত ফলাফল পাব।