NORTHEAST NOW (Assamese)

শীতকালত কিদৰে পৰিত্ৰাণ পাব উফিৰ সমস্যাৰ পৰা?

January 25, 2026 6:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 24, 2026 9:28 pm

শীতকালৰ আমেজৰ লগে লগে উফিৰ সমস্যাটোৱেও যেন আমাক পিছ এৰিব নিবিচাৰে। এই সময়ছোৱাত বতাহ শুকান হৈ থকাৰ বাবে আমাৰ মূৰৰ ছালৰ পৰা প্ৰাকৃতিক তেলৰ পৰিমাণ কমি যায় আৰু ইয়েই উফিৰ সৃষ্টি কৰে। এই সমস্যাটো সমাধানৰ আটাইতকৈ সহজ আৰু ফলপ্ৰসূ উপায় হল নিয়মিতভাৱে মূৰত কুহুমীয়া গৰম তেল মালিচ কৰা। আপুনি নাৰিকল তেল বা জলফাই তেল (Olive Oil) অলপ গৰম কৰি তাত কেইটোপালমান নেমুৰ ৰস মিহলাই লব পাৰে। এই মিশ্ৰণটো মূৰৰ ছালত লাহে লাহে মালিচ কৰি এঘণ্টামান পিছত ধুই পেলালে যথেষ্ট সকাহ পোৱা যায়।

বহুতৰে এটা অভ্যাস আছে যে শীতত খুব গৰম পানীৰে গা ধোৱে, কিন্তু মনত ৰাখিব যে অতিমাত্ৰা গৰম পানীয়ে মূৰৰ ছালখন আৰু বেছি শুকান কৰি তোলে, সেয়েহে চুলি ধোৱাৰ বাবে সদায় কুহুমীয়া পানীহে ব্যৱহাৰ কৰিব লাগে। ঘৰুৱা প্ৰতিকাৰ হিচাপে দৈত অলপ কলা জলকীয়াৰ গুৰি বা নেমু মিহলাই লগালেও উফি নিৰ্মূল হোৱাত সহায় হয়। ইয়াৰ উপৰিও আমাৰ খাদ্যতালিকাত যিমানে বেছি ফল-মূল আৰু পানী থাকিব, সিমানেই শৰীৰ তথা ছালৰ আৰ্দ্ৰতা বজায় থাকিব। চুলি চাফা কৰাৰ সময়ত যাতে ৰাসায়নিক দ্ৰব্য বেছি থকা চেম্পু ব্যৱহাৰ নকৰে, তাৰ সলনি ভেষজ বা মাইল্ড চেম্পু ব্যৱহাৰ কৰিলে শীতকালত উফিৰ পৰা হাত সাৰি থকাটো বহুত সহজ হৈ পৰিব।

Related News