NORTHEAST NOW (Assamese)
অসম

অনুশাসন ভংগৰ অভিযোগত সাহিত্য সভাৰ পদৰ পৰা অব্যাহতি আৰু কৈফিয়ৎ তলব হৃদয়ানন্দ গগৈক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 15, 2019 10:36 pm
Hridayananda Gogoi

অনুশাসন ভংগ কৰাৰ অভিযোগত তথা সাহিত্য সভাৰ সংবিধানৰ পৰিপন্থী কাম কৰাৰ অভিযোগত অসম সাহিত্য সভাই আজি হৃদয়ানন্দ গগৈক ৰাজ্যভাষা আৰু মাতৃভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক পদৰ পৰা সাময়িকভাৱে অৱ্যাহতি দিছে।

সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত অসম সাহিত্য সভাই এই কথা জনাইছে। সাময়িকভাৱে অব্যাহতি দিয়াৰ লগতে কৈফিয়ৎ তলবো কৰা হৈছে গগৈক।

গগৈক অব্যাহতি দি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিটো সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ দ্বাৰা স্বাক্ষৰিত।

“অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ বাবে প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ যোগ্যতা নথকা সত্ত্বেও প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি সংবাদ মাধ্যমৰ সন্মুখত সভাৰ অধিনিয়ম ১ ‘অসম সাহিত্য সভাৰ প্ৰকাৰ অৰ্হতা, বৰঙনি আৰু অনুশাসন অধিনিয়ম ১৩(ক), (খ) অনুচ্ছেদৰ পৰিপন্থী কাম কৰাৰ বাবে যোৱা ১২ অক্টোবৰৰ দিনা পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্ণধাৰ সভাই হৃদয়ানন্দ গগৈৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।” বিজ্ঞপ্তিটোত প্ৰকাশ।

হৃদয়ানন্দ গগৈয়ে আগন্তুক সভাৰ নিৰ্বাচনৰ বাবে প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল। কিন্তু মনোনয়ন পত্ৰ দাখিল দিন ৪ অক্টোবৰত মনোনয়ন পত্ৰ দাখিল নকৰিলে গগৈয়ে।

গগৈক সাংবাদিকে ‘কিয় মনোনয়ন পত্ৰ দাখিল নকৰিলে’ বুলি প্ৰশ্ন কৰাত গগৈয়ে সাহিত্য সভাৰ বিৰুদ্ধে আনিছিল কেতবোৰ গুৰুতৰ অভিযোগ।

তেওঁ কৈছিল, “বিভিন্ন সময়ত চৰ্চিত হৈছে যে যোৰহাটৰ মুখ্য কাৰ্য্যালয়ক বিভিন্ন কাম-কাজৰ পৰা আঁতৰাই ৰখা হৈছে। গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো এইবাৰ গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্য্যালয়ৰ পৰা পৰিচালনা হৈছে। কেন্দ্ৰীয় কাৰ্য্যালয়ৰ মৰ্য্যাদা ক্ষুণ্ণ হৈছে বুলি যোৰহাট জিলা সমিতিৰ লগতে কেইবাখনো জিলা সমিতিয়ে অনুভৱ কৰিছে। যোৰহাট জিলা সাহিত্য সভাৰ লগতে কেইবাখনো মোক জনালে যে অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ৰ মৰ্য্যাদা ৰক্ষাৰ কাৰণে এখন যুঁজ আৰম্ভ হৈছে।”

“সেই যুঁজৰ প্ৰতি যোৰহাট জিলা সমিতি আৰু ভালেকেইখন জিলা সমিতিয়ে মোৰ সমৰ্থন বিচাৰিছে। মোক আহ্বান জনাইছিল যাতে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা বিৰত থাকো। সেই কাৰণে মই অনুধাৱন কৰিলো যে ৰাইজৰ সন্মানাৰ্থে আৰু কেন্দ্ৰীয় কাৰ্য্যালয়ৰ মৰ্য্যাদা ৰক্ষাৰ্থে মই মনোনয়ন পত্ৰ দাখিল নকৰো”, গগৈয়ে লগতে কৈছিল।

ইপিনে, গগৈয়ে এই মন্তব্য কৰিলেও সভাৰ বৰ্তমানৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ মতে প্ৰধান সম্পাদক পদত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে যোগ্যতা নাই হৃদয়ানন্দ গগৈৰ।

অৱশ্যে সেই পদৰ বাবে কি যোগ্যতাৰ দৰকাৰ সেইটো উল্লেখ কৰাৰ পৰা বিৰত থাকে সভাপতি ৰাজবংশী।

ৰাজবংশীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বহুকেইটা ভুলেৰে ভৰা চাৰিটা বাক্যৰ বিজ্ঞপ্তিটোত উল্লেখ কৰিছে, “গগৈয়ে সংবাদ মাধ্যমত দিয়া বিজ্ঞপ্তিত (‘বিজ্ঞপ্তি’ মানে গগৈৰ ভাষ্য?) সম্পূৰ্ণ সংকীৰ্ণ আঞ্চলিকতাবাদী দৃষ্টিভংগী প্ৰকাশ কৰাৰ উপৰিও বহুতো অবাঞ্চিত মনেসজা অভিযোগ উত্থাপন কৰিছে। এজন সন্মানীয় কাৰ্য্যনিৰ্বাহকৰ বিষয়ববীয়া হৈয়ো কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়াৰ বিৰুদ্ধে অশোভনীয় বিষয় উত্থাপন কৰিছে আৰু কেইবাখনো জিলাৰ বিষয়ববীয়া আৰু কৰ্মীক মনেসজা ঘটনাৰ জৰিয়তে বিপথে পৰিচালিত কৰাৰ মৌখিক অভিযোগ আমাৰ হাতলৈ আহিছে।”

অৰ্থ অস্পষ্ট হৈ ৰোৱা এটা বাক্যত কোৱা হৈছে “অভিযোগ পত্ৰ পোৱাৰ এসপ্তাহৰ ভিতৰত তেওঁ কৈফিয়ৎ পত্ৰৰ উত্তৰ দিব লাগিব”।

আনহাতে এই সন্দৰ্ভত হৃদয়ানন্দ গগৈক যোগাযোগ কৰাত গগৈয়ে নৰ্থ-ইষ্ট নাওক কয়, “মই এতিয়ালৈকে কোনো কাগজ পোৱা নাই আৰু এই সম্পৰ্কত একো পোৱা নাই। হোৱেটছ এপ, মেইলতো একো পোৱা নাই। একপক্ষীয়ভাৱে কিবা সিদ্ধান্ত ল’ব পাৰে, সেইটো মই গম পোৱা নাই। আক্ৰোশমূলক বা ষড়যন্ত্ৰমূলকভাৱে এইটো কৰিব পাৰে।”

উল্লেখ কৰিব পাৰি যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনক এলাগী কৰি ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ সকলো কাম-কাজ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্য্যালয়লৈ স্থানান্তৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে সভাপতি পৰমানন্দ ৰাজবংশী আৰু তেওঁৰ সাংগোপাংগসকলৰ বিৰুদ্ধে।