NORTHEAST NOW (Assamese)

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 12, 2026 1:22 pm

সুদীৰ্ঘ ৪০ বছৰৰ পিছত ভাৰতীয় চিনেমাৰ দুটা প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকা ৰজনীকান্ত আৰু হৃতিক ৰোশনক পুনৰ এখন চিনেমাতে দেখা যাব। ৰজনীকান্তৰ বহু প্ৰত্যাশিত চিনেমা ‘জেলাৰ ২’ত বিশেষ অতিথি চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে হৃতিক ৰোশনে।

ভেৰাইটি ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি কেইসপ্তাহমানৰ আলোচনাৰ অন্তত হৃতিকে চিনেমাখনত কাম কৰিবলৈ সন্মত হৈছে। ২২ আৰু ২৩ জুনত চেন্নাইত তেওঁৰ এই অংশৰ শ্বুটিং হোৱাৰ কথা।

চিনেমাখনত হৃতিকক সম্পূৰ্ণ নতুন ৰূপত দেখা যাব বুলি নিৰ্মাতাসকলে জানিবলৈ দিয়ে। ইয়াৰ বাবে শ্বুটিঙৰ পূৰ্বে তেওঁৰ বাবে বিশেষ লুক টেষ্টো কৰা হ’ব। কাহিনীৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁক ৰজনীকান্তৰ চৰিত্ৰক সহায় কৰা দেখা যাব।

২০২৫ চনৰ আগষ্ট মাহত ৱাৰ ২ মুক্তি পোৱাৰ পিছত হৃতিকে নতুন চলচ্চিত্ৰ প্ৰকল্পত যোগদান কৰাৰ এইটোৱেই প্ৰথম খবৰ।

ইয়াৰ পূৰ্বে ১৯৮৬ চনত মুক্তি পোৱা ভগৱান দাদা নামৰ চিনেমাখনত শিশু শিল্পী হিচাপে অভিনয় কৰা হৃতিকে সেই ছবিখনত ৰজনীকান্তৰ সৈতে স্কীণ শ্বেয়াৰ কৰিছিল। সেইটোৱেই আছিল হৃতিকৰ অভিনয় জীৱনৰ আৰম্ভণি। চাৰি দশকৰ পাছত সেই তাৰকাৰ সৈতে পুনৰ কাম কৰাৰ সুযোগ পাই তেওঁ উৎফুল্লিত হৈ পৰিছে।

জনা যায় যে জেলাৰ ২ ত ভাৰতীয় বিভিন্ন চলচ্চিত্ৰ উদ্যোগৰ আন কিছুমান তাৰকাক বিশেষ অতিথি চৰিত্ৰত দেখা যাব।সম্ভাৱ্য তালিকাত আছে মোহনলাল, শিৱ ৰাজকুমাৰ, বিজয় সেতুপতি আৰু মিথুন চক্ৰৱৰ্তী।

এই ছবিখনৰ জৰিয়তে দীঘলীয়া চাৰিটা দশকৰ পাছত এই দুয়োগৰাকী তাৰকা পুনৰ একত্ৰিত হ’বলৈ গৈ আছে। চাৰিটা দশকৰ পাছত ৰজনীকান্ত আৰু ঋতিকৰ এই পুনৰ মিলন সন্দৰ্ভত দৰ্শকৰ মাজত যথেষ্ট আগ্ৰহ আৰু প্ৰত্যাশাৰ সৃষ্টি হৈছে।

Related News