NORTHEAST NOW (Assamese)
অসম

বানে গৰকা দিচাংমুখ অফলাৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দুই ছাত্ৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 8, 2020 7:54 am

শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে ৮৩.৯২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হয়।

শিৱসাগৰ জিলাৰ বানে গৰকা ভিতৰুৱা দিচাংমুখ অফলা অঞ্চলৰ অফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুজন দুখীয়া পৰিয়ালৰ ছাত্ৰই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিনোদ মিলি আৰু বদুৰাম য়েইন নামৰ দজন ছাত্ৰই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে ডিষ্টিংচন নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়।

৮৭ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ বিনোদ মিলিয়ে ভৱিষ্যতে এজন সু চিকিৎসক হোৱাৰ সপোন দেখিছে।

আনহাতে ৮৬ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা বদুৰাম য়েইনৰ ভৱিষ্যতে এজন অধ্যাপক হোৱাৰ আশা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে দিচাংমুখ অফলা অঞ্চলটো দীৰ্ঘদিন ধৰি বান, গৰাখহনীয়াৰ কবলত পৰি আছে। বাৰিষাত অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীৰ তলত বুৰি থাকে।

এনে এটা অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই দুই ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অফলাবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।