NORTHEAST NOW (Assamese)
অসম

৪৬টা সংগঠনৰ অসম বন্ধৰ আহ্বানলৈ কেইবাটাও কাৰ্বি সংগঠনৰ সমৰ্থন

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং October 22, 2018 9:30 pm
HSDC press conference

কাৰ্বি আংলঙৰ বাওঁ ভাৱধাৰাৰ সংগঠন—পাৰ্বত্য ৰাজ্য দাবী সমিতি (Hill State Demand Committee  চমুকৈ HSDC) ইয়াৰ শাখা কাৰ্বি ছাত্ৰ সন্থা আৰু সহযোগী সন্থাসমূহে  ৪৬ সংগঠনে  কালিলৈ ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ দাবীলৈ সমৰ্থন জনাইছে।

ডিফুৰ কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলখনত পাৰ্বত্য ৰাজ্য দাবী সমিতিৰ সাধাৰণ সম্পাদক লাইচেন ইংলেঙে কৈছে, ‘‘পাৰ্বত্য ৰাজ্য দাবী সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগী সংগঠনসমূহে ৩ অক্টোবৰৰ ১২ ঘ্টীয়া অসম বন্ধলৈ সমৰ্থন জনাইছে। নিজৰ দেশৰ নাগৰিকক জীৱিকাৰ উপায় আৰু নিৰাপত্তা দিব নোৱাৰা বিজেপি নেতৃত্বাধীন চৰকাৰে কেনেদৰে অন্য দেশৰ নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিব পাৰিব? কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন আইনত পৰিণত কৰিব বিচৰা এই পদক্ষেপৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ।

কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিয়ন ৰংফাৰে কৈছে, ‘‘যদিহে হিন্দু বাংলাদেশীক নাগৰিকত্ব পৰদান কৰা হয় সিয়ে অসমৰ গণ-গাঁথনিত পৰিৱৰ্তন হ’ব  আৰু জনগোষ্ঠীসমূহৰ ওপৰত কুপ্ৰভাৱ পৰিব। উল্লেখ্য যে পাৰ্বত্য ৰাজ্য দাবী সমিতিৰ বিত্ত সচিব খৰছিং ছিংনাৰকে আন বহুতো লোক এই সংবাদমেলত উপস্থিত আছিল।