NORTHEAST NOW (Assamese)
অসম

HSLC result ৭ জুনত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কিদৰে চাব পাৰিব ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 3, 2022 8:19 pm
HSLC result ৭ জুনত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কিদৰে চাব পাৰিব ?

HSLC exam result অসম মাধ্যমিক শিক্ষা পৰিষদে ৭ জুনত ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰিছে।

এইবাৰো অসম মাধ্যমিক শিক্ষা পৰিষদে বিভাগীয় ৱেবছাইট- sebaonline.org আৰু resultsassam.nic.in ত ফলাফল প্ৰকাশ কৰিব।

উল্লেখ্য ১৫ মাৰ্চত আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা ৩১ মাৰ্চলৈকে চলিছিল।

এইবাৰ মুঠ ৪.৩১ লাখ (৪,৩১,১৩২) শিক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল।
কেনেদৰে চাব পাৰিব ফলাফল?

‘ছেবা’ৰ অফিচিয়েল ৱেবছাইট sebaonline.org বা resultsassam.nic.in খুলি লওঁক।

হোমপেজত, ‘এইচএছএলচি ৰিজাল্ট ২০২২’ লিংকত ক্লিক কৰক।

শিক্ষাৰ্থীৰ ৰোল নম্বৰ অন্তৰ্ভূক্ত কৰক আৰু ‘চাবমিটত ক্লিক কৰক।

লগে লগে দেখুৱাব ফলাফল ।