NORTHEAST NOW (Assamese)

আজি আৰম্ভ হ’ল হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা; কলিয়াবৰতো সুকলমে অনুষ্ঠিত হ’ল পৰীক্ষা

March 15, 2022 2:07 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

আজিৰে আৰম্ভ হৈছে ২০২২বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাসমূহ। সম্পূৰ্ণ এটা বছৰৰ বিৰতিত পুনৰ আৰম্ভ হ’ল হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা।

ক’ভিড মহামাৰীৰ বাবে যোৱা ২০২১ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আৰু কেৱল আভ্যন্তৰীণ মূল্যায়ন পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লগা হৈছিল।

ৰাজ্যৰ লগতে আজি কলিয়াবৰতো উৎসাহী ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ অহাৰ দৃশ্য দেখা যায়।

লগতে পঢ়ক: সমুখ-সমৰত পুটিন-এলন মাস্ক! পুটিনক একক যুঁজৰ প্ৰত্যাহ্বান এলন মাস্কৰ

কলিয়াবৰৰ মুঠ ৮টা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। এই ৮টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰৰ এটা উল্লেখযোগ্য পৰীক্ষা কেন্দ্ৰ হ’ল বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটো।

বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত মুঠ ৩২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে।

ফটো: নৰ্থইষ্ট নাও।

এই কেন্দ্ৰতে অৰুণ তিমুং নামৰ এজন বিশেষভাবে সক্ষম ছাত্ৰও আছে। কিছুপৰিমানে দৃষ্টি শক্তি কম ছাত্ৰজনক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

বিশেষভাবে সক্ষম ছাত্ৰ জন দাৰীগজিৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

Related News