NORTHEAST NOW (Assamese)
Uncategorized

ডাঙৰ খবৰ : ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2023 4:27 pm
  • অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। 
  •  ১৬ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই পৰীক্ষা শেষ হ’ব ৪ মাৰ্চত। 
  • সোমবাৰে এই কথা ঘোষণা কৰে অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ডে ।
  • ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ব্যৱহাৰিক পৰীক্ষা আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব তত্ত্ব পৰীক্ষা।
  • উল্লেখ্য যে যোৱা মাহত ছেবাই ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক মেট্ৰিক পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্নৰ বাবে অ’ এম আৰ শ্বীটৰ প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছিল।