NORTHEAST NOW (Assamese)
Popular Stories

মে’ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 4, 2020 2:01 pm
HSLC-Exam

মে’ মাহৰ প্ৰথম সপ্তাহত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল  ঘোষণা কৰা হ’ব বুলি আজি মত প্ৰকাশ কৰে ছেবাৰ সচিৱ সুৰঞ্জনা সেনাপতিয়ে৷

ফোনযোগে লোৱা এক সাক্ষাৎকাৰত সচিৱ গৰাকীয়ে পূৰ্বৰ তুলনাত এইবাৰ অধিক সোনকালে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

‘‘বৰ্তমানলৈ প্ৰায়  ৪০-ৰ পৰা ৫০ শতাংশ নিৰীক্ষণৰ কাম সম্পূৰ্ন হৈছে৷ কেইটামান কেন্দ্ৰত উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হৈ থকা বাবে নিৰীক্ষণৰ কাম আৰম্ভ হোৱা নায়৷ এইবাৰ অন্যবাৰত কৈ আগত ৰিজান্ট দিবলৈ চেষ্টা কৰা হ’ব,’’ সুৰঞ্জনা সেনাপতিয়ে লগতে কয়।

আনহাতে, মে’ মাহৰ প্ৰথম সপ্তাহত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰিলেও কোন তাৰিখে এই ফলাফল ঘোষণা কৰা হ’ব সেই সন্দৰ্ভত মত প্ৰকাশৰ পৰা বিৰত থাকে সচিৱ গৰাকী।

উল্লেখযোগ্য যে,  ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

১০ ফেব্ৰুৱাৰিৰ পৰা ২৯ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।