NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ পিছত আজি প্ৰথম বাৰলৈ বিদ্যালয়ত পাঠদান আৰম্ভ হৈছে ক’ৰ’নাৰ উৎপত্তি কেন্দ্ৰ চীনৰ য়ুহানত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2020 12:13 pm
6b71b67a-ef8c-42e4-9277-19f2dd16b848

চীনৰ হুবেই প্ৰদেশৰ ৰাজধানী য়ুহানত উৎপত্তি ঘটা ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে নৰ সংহাৰ অব্যাহত ৰখাৰ সময়তে প্ৰদেশখনত ক’ৰ’নাতংকৰ পিছত প্ৰথমবাৰলৈ আজি বিদ্যালয়সমূহ খোলা হৈছে।

উল্লেখ্য যে ইতিমধ্যে য়ুহানত ক’ৰ’না সংক্ৰমণ বন্ধ হোৱাৰ পিছত হুবেই প্ৰদেশৰ লগতে য়ুহানত ল’কডাউন খুলি দিয়া হৈছিল।

যোৱা মাৰ্চ মাহৰ পৰা চহৰখনত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পালেও বিদ্যালয়সমূহ খোলা হোৱা নাছিল।

সংবাদ প্ৰতিষ্ঠান বিবিচৰ মতে আজি প্ৰদেশখনৰ বিদ্যালয়সমূহৰ নৱম মানৰ দ্বাদশ শ্ৰেণীলৈহে খোলা হৈছে। আগন্তুক গ্ৰীষ্ম বন্ধৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আজিৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে।

আনহাতে চীনৰ অন্যান্য ৰাজ্য তথা প্ৰান্তৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে যোৱা মাৰ্চ মাহৰ পৰাই বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছিল।

ইফালে হুবেই প্ৰদেশৰ আজিৰ পৰা বিদ্যালয়লৈ যোৱা সকলো শিক্ষাৰ্থীকে ঘৰলৈ উভতি অহাৰ পূৰ্বে কোভিড১৯ৰ পৰীক্ষা কৰা হ’ব আৰু বিদ্যালয়ত সামাজিক দূৰত্ব বৰ্তাই ৰখা হৈছে বুলি চীনা সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।