NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহনগৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 11:00 am

গুৱাহাটী মহানগৰীৰ যোৰাবাটত মঙবাৰে নিশা তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ হাতত আটক হয়।

গুৱাহাটী মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত ড্ৰাগছ সৰবৰাহকাৰী কেইগৰাকী আটক হয়।

ড্ৰাগছৰ সৈতে আটক হোৱা ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- মহম্মদ আকবৰ খান, সঞ্জয় গগৈ আৰু মহম্মদ বাদীদূৰ।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন তিনিগৰাকীক তদন্ত অব্যাহত ৰাখিছে।

বিশেষ সূত্ৰৰ আধাৰত অভিযানকাৰী দলটোৱে যোৰাবাটৰ ঘনশ্যাম বস্তিৰ এগৰাকী ব্যক্তিৰ বাসগৃহত এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গুৱাহাটী মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু যোৰাবাট আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৫০ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, গুৱহাটী মহানগৰীত ড্ৰাগছৰ অবৈধ বেহা ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বিগত সময়ছোৱাত বহু স্থানত আৰক্ষীৰ হাতত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে ড্ৰাগছ উদ্ধাৰ হৈছে।