NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, বহু পৰিমাণৰ কাঠ জব্দ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 24, 2021 1:16 pm
dog

কলিয়াবৰত নিশা চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বনবিভাগৰ অভিযান ।

জখলাবন্ধা আৰু শিলঘাট বনবিভাগে নিশা চলায় এই অভিযান ।

অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং ভাবে সৰবৰাহ কৰা কাঠ ।

গোপন খবৰৰ ভিত্তিত বনবিভাগে চলোৱা অভিযানৰ সম্ভেদ লাভ কৰি চোৰাং কাঠ সৰবৰাহকাৰীয়ে জয়ন্তীপুৰ গাঁৱৰ সমীপতে কাঠ নমাই গাড়ী লৈ পলাই যাবলৈ সক্ষম হয় চোৰাং কাঠ ব্যৱসায়ী ।

বন বিভাগে জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিছে।

উল্লেখ্য বহু দিনৰে পৰা উক্ত অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম চলি আহিছে।

কিন্তু বহু সময়ত বন বিভাগে চকু মুদা কুলিৰ ভাও জোৰাৰো অভিযোগ আছে।