NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ডিমাপুৰত বৃহৎ পৰিমানৰ নগদ ধন জব্দ

March 23, 2019 6:33 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।উৎস-ইণ্টাৰেনট

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম ৰাইফলছৰ টহলদাৰী দলে নাগালেণ্ডৰ ডিমাপুৰৰ এজন ব্যক্তিক বৃহৎ পৰিমানৰ নগদ ধন লৈ অহা অৱস্থাত বৃহস্পতিবাৰে নিশা আটক কৰে। ব্যক্তিজনে ৫৭ লাখ টকাৰ নগদ ধন লগত লৈ আহিছিল।

নাগালেণ্ড নিৰ্বাচনী নিৰীক্ষণ কৰ্তৃপক্ষৰ পৰা বৃহ্ৎ পৰিমাণৰ ধন সম্বন্ধে লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছৰ পহৰাদাৰী দলটোৱে ব্যাক্তিজনক আটক কৰিবলৈ সক্ষম হয়।

নিশা ন মান বজাত ব্যক্তিজনক আটক কৰি লগত লৈ অহা ধনখিনি জব্দ কৰা হয়। পৰৱৰ্তী সময়ত অসম ৰাইফলছে নাগালেণ্ড অনুসন্ধান সঞ্চালকালয় কৰ্তৃপক্ষৰ হাতত  ব্যাক্তিজন আৰু উদ্ধাৰ হোৱা ধনখিনিৰ সৈতে অধিক সোধ-পোচৰ বাবে গটাই দিয়া হয়।

লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পাছত জব্দ হোৱা ধনখিনি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত জব্দ হোৱা সৰ্বাধিক পৰিমানৰ ধন হিচাপে পৰিগণিত হৈছে। এতিয়ালৈ আটক কৰা লোকজনৰ পৰিছয় লাভ কৰিব পৰা  হোৱা নাই। ধন খিনি কি উদ্দেশ্যত আৰু কলৈ লৈ যোৱা হৈ আছিল সেই সম্বন্ধেও এতিয়ালৈ বিতংকৈ জনিব পৰা হোৱা নাই।

Related News