NORTHEAST NOW (Assamese)
উত্তৰ-পূব

অশান্ত মণিপুৰলৈ নাগালেণ্ডৰ মাজেৰে অস্ত্ৰৰ সৰবৰাহ: উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2023 8:25 pm
অশান্ত মণিপুৰলৈ নাগালেণ্ডৰ মাজেৰে অস্ত্ৰৰ সৰবৰাহ: উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ। দুই সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষ ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিণতিত এতিয়া জৰ্জৰিত হৈ পৰিছে মণিপুৰ। এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে ৰাজ্যখনলৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা বিস্ফোৰক অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহৰ তথ্য।

নাগালেণ্ডৰ ক’হিমা আৰক্ষীৰ সৈতে এক যৌথ অভিযানত আছাম ৰাইফলছে নাগালেণ্ডৰ মাজেৰে মণিপুৰলৈ সৰবৰাহ হৈ থকা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্ৰীৰ বিশাল ভাণ্ডাৰ উদ্ধাৰ কৰে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই আছাম ৰাইফলছ আৰু ক’হিমা আৰক্ষীৰ যুটীয়া বাহিনীয়ে। অভিযানৰ সময়ত দলটোৱৈ এখন বাহন প্ৰত্যক্ষ কৰি প্ৰায় চাৰি ঘণ্টা ধৰি তালাচী চলায়।

তালাচীৰ সময়ত অভিযানকাৰী দলটোৱে গাড়ীখনত জব্দ কৰে বিস্ফোৰক সামগ্ৰীসমূহ। এই বিস্ফোৰকখিনি উদ্ধাৰ হোৱাৰ ফালে চাই নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনত এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা বিফল কৰা বুলি অনুমান কৰিছে।