NORTHEAST NOW (Assamese)
Popular Stories

লেবাননৰ ৰাজধানী বেইৰুটত ভয়ংকৰ বিস্ফোৰণ : নিহত ৭৩, আহত ৪০০০ ৰো অধিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 8:44 am
index.jpg1

ভয়ংকৰ বিস্ফোৰণত কঁপিল উঠিল লেবাননৰ ৰাজধানী বেইৰুট।

বেইৰুটৰ স্থানীয় বন্দৰৰ বিস্ফোৰক মজুত থকা এক কাৰখানাত সংঘটিত হৈছে এই বিস্ফোৰণ।

লেবাননৰ অভ্যন্তৰীণ নিৰাপত্তা সচিব আব্বাছ ইব্ৰাহিম জানিবলৈ দিয়া অনুসৰি স্থানীয় সময় আবেলি বন্দৰ অঞ্চলত এই বিস্ফোৰণটো সংঘটিত হয়।

বিস্ফোৰণৰ তীব্ৰতা ইমানেই আছিল যে সমগ্ৰ চহৰত ভূকম্পৰ সৃষ্টি হয়।

উক্ত বিস্ফোৰণত নিহত হৈছে ৭৩ জন লোক।  ৪০০০ ৰো অধিক লোক আহত হৈছে ভয়ংকৰ বিস্ফোৰণটোত।

বিস্ফোৰণৰ ফলত সমগ্ৰ বেইৰুট চহৰৰ আকাশ ক’লা ধুঁৱাই ছানি ধৰিছে।

ৰাষ্ট্ৰপতি মিখেল আউনে এক টুইটযোগে জনাইছে যে, কাৰখানাটোত ২,৭৫০ টন এমুনিয়াম নাইট্ৰেট মজুত ৰখা হৈছিল।

উক্ত ৰায়নিক দ্ৰব্যবোৰৰ পৰাই বিস্ফোৰণটো সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে।

বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই। ইতিমধ্যে বিস্ফোৰণটো কাৰণ সন্ধান বাবে তদন্ত আৰম্ভ কৰা হৈছে।

ইফালে বিস্ফোৰণৰ পিছতে লেবাননৰ ৰাষ্ট্ৰপতি মিখেল আউনে এই ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰিছে।

বিস্ফোৰণ ভয়ংকৰ দৃশ্য ইতিমধ্যে চ’ছিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰিছে।