NORTHEAST NOW (Assamese)

কলিয়াবৰৰ নাম কামাখ্যা গাঁৱত প্ৰকাণ্ড ৰজা ফেঁটী সাপ উদ্ধাৰ

June 22, 2022 11:46 am · ৰিদীপ শৰ্মা, কলিয়াবৰ

কলিয়াবৰৰ নাম কামাখ্যা গাওঁত আজি স্থানীয় বাসিন্দা এঘৰৰ ভিতৰৰ পৰা এডাল প্ৰকাণ্ড ৰজা ফেঁটী সাপ উদ্ধাৰ কৰে কলিয়াবৰৰ শিলঘাটৰ প্ৰকৃতি প্ৰেমী যুৱক তথা সৰ্প বন্ধু সঞ্জীৱ ডেকাই।

ঘৰৰ ভিতৰত সাপডালে বিচৰণ কৰি থকা দেখা পায় গৃহস্থই লগে লগে সঞ্জীৱ ডেকাক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে সঞ্জীৱ ডেকা নাম কামাখ্যা গাওঁত উপস্থিত হয় নিজৰ দক্ষতাৰে উদ্ধাৰ কৰে ৰজা ফেঁটী সাপ ডাল।

প্ৰায় ১৪ ফুট দীঘল আৰু ১৪ কেজি ওজনৰ এই ৰজা ফেঁটী সাপডাল উদ্ধাৰ কৰি সঞ্জীৱ ডেকাই বনবিভাগৰ সহযোগত কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰত মুক্ত বিচৰণৰ বাবে মোকোলাই দিয়ে।

প্রকৃতি প্ৰেমী যুৱক সঞ্জীৱ ডেকাই বিগত সময়চোৱাত কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বহুতো বিৰল প্ৰজাতিৰ আৰু থলুৱা ধৰণৰ সাপ উদ্ধাৰ কৰি বহুতো লোকৰ লগতে পশু পক্ষীক বিপদৰ পৰা ৰক্ষা কৰি আহিছে।

লগতে এনেদৰে সৰ্প উদ্ধাৰৰ জৰিয়তে মানুহৰ হাতত সৰ্পৰ মৃত্যু হোৱাৰ পৰাও ৰক্ষা কৰি আহিছে সৰ্প বন্ধু খ্যাত যুৱকজনে। বৰ্তমানলৈকে প্ৰায় ৩৫০০ ৰো অধিক সাপ উদ্ধাৰ কৰিছে সঞ্জীৱ ডেকাই।

Related News