NORTHEAST NOW (Assamese)

নলবাৰীত প্ৰশাসনৰ বহিঃৰাজ্যৰ পৰা অহা গামোচা জব্দ

April 12, 2019 7:20 pm · এন ই নাও নিউজ
Updated: April 12, 2019 7:43 pm

ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্যৰ বজাৰ ভৰি পৰিছে বাহিৰৰ পৰা অহা গামোচাৰে। আন আন ঠাইৰ লগতে নলবাৰীতো চালানী গামোচাৰে উভৈনদী হৈ পৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নলবাৰী জিলা প্রশাসনে নলবাৰীৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বহিঃৰাজ্যৰ পৰা অহা গামোচা জব্দ কৰে।

প্ৰাপ্ত তথ্য মতে নলবাৰী জিলা প্ৰশাসনে নলবাৰীৰ বিভিন্ন কাপোৰৰ দোকানত অভিযান চলাই হাজাৰোধিক গামোচা জব্দ কৰে।

নলবাৰীৰ স্থানীয় লোকে কয় যে বিহুৰ সময়ত প্ৰায়ে এনেধৰণে বহিঃৰাজ্যৰ পৰা গামোচা আনি ব্যৱসায়ী সকলে ৰাজ্যৰ বিভিন্ন কাপোৰৰ দোকানৰ জৰিয়তে বিক্ৰী কৰি আহিছে। গতিকে প্ৰশাসনক বহিঃৰাজ্যৰ পৰা অহা এনে গামোচাৰ বিৰুদ্ধে অভিযান চলাবলৈ আহ্বান জনায়।

আনহাতে হোজাইতো হস্ততাঁত-বস্ত্ৰ শিল্প বিভাগে অভিযান চলাই বহিঃৰাজৰ পৰা অহা গামোচা জব্দ কৰে। অভিযানকাৰী দলটোৱে অভিযানকালত প্ৰায় ৬০০ বহিঃৰাজ্যৰ পৰা অহা গামোচা জব্দ কৰে।

Related News