NORTHEAST NOW (Assamese)

মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ তিনি হাজাৰ লোকক মাস্ক, চেনিটাইজাৰ বিতৰণ

May 21, 2021 6:22 am · এন ই নাও নিউজ

সমগ্ৰ বিশ্বৰ লগতে দেশ তথা আমাৰ ৰাজ্যখনতো কোভিড মহামাৰীয়ে দ্বিতীয় বাৰৰ বাবে কাল ৰূপ ধাৰণ কৰিছে।

এনে সময়তে চুনু চুডকে আদি কৰি একাংশ মানৱতাবাদী হৃদয়বান লোকে আর্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে।

যোৱা বছৰৰ দৰে চলিত বছৰটো অসমৰ আন্ত:ৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, মানব অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই ব্যক্তিগত প্ৰচেষ্টাৰে দেশ তথা ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ বিভিন্ন  লোকৰ মাজত প্ৰয়োজনীয় সামগ্ৰীৰ লগতে,মাস্ক, চেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰি আহিছে।

বিগত চাৰিদিন ধৰি মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মীগৰাকীয়ে লখিমপুৰ জিলাৰ লালুক, হাৰমতি, নাওবৈছা, ফুলবাৰী আদি অঞ্চলৰ লগতে অসম অৰুণাচল সীমান্তৰ প্ৰায় তিনিশ বিশটা পৰিয়ালক উক্ত সামগ্ৰী বিতৰণ কৰাৰ লগতে কৰ’নাৰ পৰা নিজৰ লগতে সমাজ খনক কেনেকৈ মুক্ত কৰি ৰাখিব এই সন্দৰ্ভতো সজাগতা অভিযান চলায়।

Related News