NORTHEAST NOW (Assamese)
অসম

দিখৌমুখত অসম সাহিত্য সভাৰ ১০২ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: ৰাজীৱ দত্ত December 27, 2018 5:45 pm
IMG-20181227-WA0010

অসম সাহিত্য সভাৰ ১০২ বছৰীয়া প্ৰতিষ্ঠা দিৱসটি ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত দিখৌমুখ শাখা সভাৰ সহযোগত দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত বিস্তৃত কার্যসূচীৰে আজি উদযাপন কৰা হয়।

শিৱসাগৰ জিলা বিভিন্ন শাখাৰ প্ৰতিনিধি ,সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত, শিৱসাগৰ জিলা নতুন সাহিত্য পৰিষদৰ সভাপতি দিলীপ ফুকন, কুঁহি কেন্দ্ৰীয় উপ সমিতিৰ কাৰ্যকৰী সভাপতি যোগ গগৈ , শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোনা ৰাম বৰুৱা, ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক স্বৰ্ণ জ্যোতি বৰুৱা বৰবৰা, তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কৰ্মচাৰী কল্যাণ পৰিষদৰ উপ সভাপতি ডোম্বীৰাম পাংগিং আজিৰ অনুষ্ঠানত উপস্থিত থাকে।

তদুপৰি, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্য ৰাজখোৱা, দিখৌমুখ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পবিত্ৰ দত্ত অসম চাহ জনজাতি ভাষা সংস্কৃতি বিকাশ সমিতিৰ কাৰ্যকৰী সদস্য নিবন্ধকাৰ ৰাজেন গগৈকে ধৰি দিখৌমুখ শাখাৰ সভাপতি সম্পাদক ক্ৰমে বাণীকান্ত শইকীয়া আৰু অঞ্চলটোৰ সকলো দল সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

ইপিনে, আয়োজকসকলে  ১০২ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ১০২ খন সভাৰ পতাকা উত্তোলন কৰে।

আনহাতে, জিলা সম্পাদক বিনোৱা টায়ে আৰু বুবুল দত্তই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীত মূল পতাকাখন উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বুঢ়াগোহাঁই। অসম সংগীত পৰিবেশনেৰে উক্ত কাৰ্যসূচীৰ সামৰণি পৰে। ইয়াৰ পিছত শাখা সম্পাদক বিনন্দ দত্তই আঁত ধৰা স্মৃতি তৰ্পণ কাৰ্যসূচীত মূখ্য তৰ্পক ৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সংগঠক যোগ গগৈয়ে।

স্মৃতি তৰ্পনৰ পাছতেই ,”ভাষা সাহিত্যলৈ অহা জাতীয় সংকট ” শীৰ্ষক আলোচনা চক্ৰত আলোচক ৰূপে বক্তব্য দাঙি ধৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোনা ৰাম বৰুৱা, অসীম দত্ত, দিব্য ৰাজখোৱা আৰু পবিত্ৰ কুমাৰ দত্তই। উক্ত অনুষ্ঠানতে লেখিকা অঞ্জনা গগৈৰ “নোনাই চৰফাং আৰু ময়েনৰ কেমেৰা” নামৰ গল্প পুথি খন উন্মোচন কৰে সোণ ৰাম বৰুৱাই।