NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গোৱালপাৰা কংগ্ৰেছত খহনীয়া; অগপত যোগদান কেইবা শতাধিক কংগ্ৰেছীৰ

Posted by: নীলমণি শৰ্মা November 12, 2018 5:11 pm
-agp-flags700

পঞ্চায়ত নিৰ্বাচনৰ দিন চুমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনী তৎপৰতা। বিশেষকৈ গোৱালপাৰাৰ পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত মানিকপুৰ-ভেলাখামাৰ,টুকুৰা বৰমোহৰা আৰু ফফংগা গাঁও পঞ্চায়তত অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে ৷

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপিৰ বিপৰীত স্থিতি গ্ৰহণ কৰা অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ বহু নেতা-কৰ্মী দল ত্যাগ কৰি যোগদান কৰিছে অগপত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে অগপত যোগদান কৰা কাৰ্য্যই আঞ্চলিক দলটোৰ শিবিৰটোত উৎসাহ দুগুণে বৃদ্ধি পাইছে।

উল্লেখ্য যে বিগত দুটা দিনত পূব গোৱালপাৰা সমষ্টিৰ হাদী আৰু ফফংগাত অনুষ্ঠিত অগপৰ দুখন সভাত কংগ্ৰেছ দলৰ মজিৰুল ইছলাম, মোছলেমুদ্দিন আৰু আৰু ছাহাবুল ইছলামৰ নেতৃত্বত কেইবা শতাধিক লোকে অনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে গোৱালপাৰা জিলা অগপৰ সভাপতি জীতেন দাস, গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিষ দাস আৰু জিলা অগপৰ সাংগঠনিক সম্পাদক কল্যাণ দাস।

ইফালে দলটোৱে জানিব দিয়া অনুসৰি মানিকপুৰ-ভেলাখামাৰ, টুকুৰা বৰমোহৰা আৰু ফফংগা গাঁও পঞ্চায়তৰ প্ৰত্যেকটো পদতে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব।