NORTHEAST NOW (Assamese)
Popular Stories

নৃশংস ডাবল মাৰ্ডাৰ কাণ্ড: টীয়কত পত্নী আৰু ছবছৰীয়া কন্যাক হত্যা কৰিলে ঘাতক স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 10, 2025 7:59 pm

ডাবল মাৰ্ডাৰে চাঞ্চল্য সৃষ্টি কৰিছে টীয়কৰ বলমা মৰাণ গাঁৱত। এক অত্যন্ত নৃশংস ঘটনাত স্বামী কল্যাণ কোঁৱৰে নিজৰ পত্নী চুনচুনী কোঁৱৰ আৰু ছবছৰীয়া কন্যা সোণাক্ষী কোঁৱৰক হত্যা কৰাৰ অভিযোগ উঠিছে।

এই শিহৰণকাৰী ঘটনাটো মঙলবাৰে মাজনিশা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় লোকে জনোৱা অনুসৰি, মাজনিশা প্ৰায় ২ বজাত চুনচুনী কোঁৱৰৰ মৰণকাতৰ আৰ্তনাদ শুনিবলৈ পাইছিল। ভয়ংকৰ ঘটনাৰ আশংকাত প্ৰতিৱেশীসকল ঘৰটোৰ বাহিৰত গোট খাইছিল যদিও কল্যাণ কোঁৱৰে একো হোৱা নাই বুলি তেওঁলোকক ওভতাই পঠায়।

বুধবাৰে পুৱা বহু সময় ধৰি ঘৰৰ দুৱাৰ-খিৰিকী খোলা নোপোৱাত স্থানীয় লোকৰ সন্দেহ ওপজে। খিৰিকীৰে জুমি চাই তেওঁলোকে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মাতৃ-কন্যাক প্ৰত্যক্ষ কৰে। লগে লগে গাঁও প্ৰধানৰ উপস্থিতিত স্থানীয় লোকে দুৱাৰ ভাঙি সোমাই।

ভিতৰত এটা কোঠাত মাতৃ চুনচুনি কোঁৱৰ আৰু ছবছৰীয়া সোণাক্ষী কোঁৱৰৰ ছিন্ন-ভিন্ন মৃতদেহ উদ্ধাৰ হয়। আন এটা কোঠাত কন্যাৰ শিৰচ্ছেদ কৰা মুণ্ডটো কোঁচত লৈ তেজৰ তুমৰলি অৱস্থাত বহি আছিল অভিযুক্ত কল্যাণ কোঁৱৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত নিশ্চিত হোৱা মতে, এই জঘন্য কাণ্ডৰ ঘাতক আন কোনো নহয়, খোদ পৰিয়ালটোৰ মুৰব্বী কল্যাণ কোঁৱৰ।

আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে কণমানি জীয়ৰীক শিৰচ্ছেদ কৰা হৈছিল আৰু তাৰ পাছত পত্নীক দাৰে কাটি দুচেও কৰা হৈছিল। কল্যাণ কোঁৱৰৰ শৰীৰতো আঘাতৰ চিন আছিল বুলি স্থানীয় লোকে জনাইছে।

এতিয়া প্ৰশ্ন উঠিছে, কিয় কল্যাণ কোঁৱৰে ইমান নৃশংসভাৱে পত্নী আৰু কন্যাক হত্যা কৰিলে? তেওঁ হত্যাকাণ্ড সংঘটিত কৰি নিজকে আঘাতপ্ৰাপ্ত কৰি ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছিল নেকি, নে পত্নী আৰু কন্যাক হত্যা কৰি নিজকে নিঃশেষ কৰিব বিচাৰিছিলএই সকলো ৰহস্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

ইতিমধ্যে ঘটনাস্থলীত ফৰেণছিকৰ লোক উপস্থিত হৈছে আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আঘাতপ্ৰাপ্ত কল্যাণ কোঁৱৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু টীয়ক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গভীৰভাৱে তদন্ত অব্যাহত ৰাখিছে।