NORTHEAST NOW (Assamese)

কি যে হ’ব! মাহত দুবাৰকৈ শহুৰেকৰ ঘৰলৈ গৈছিল চাকৰি কৰা পত্নীয়ে; স্বামীয়ে ৰুজু কৰিলে গোচৰ

December 17, 2023 7:56 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

এজন ব্যক্তিয়ে চুৰাট পাৰিবাৰিক আদালতত গোচৰ ৰুজু কৰিছিল। তেওঁৰ দাবী কৰিছিল পত্নীয়ে সদায় তেওঁৰ লগত থাকিব লাগে। আচলতে সেই মহিলাগৰাকীয়ে চাকৰি কৰে। মহিলাগৰাকীয়ে সপ্তাহৰ শেষত মাহত দুবাৰকৈ স্বামীৰ ওচৰলৈ আহিছিল। স্বামীৰ দাবী যে প্ৰথম সন্তান জন্মৰ পৰাই পত্নীয়ে নিৰন্তৰ পিতৃ-মাতৃৰ সৈতে বাস কৰি আহিছে।

মহিলাগৰাকীয়ে চাকৰিৰ কাৰণে পিতৃৰ ঘৰত থাকিছিল। দ্বিতীয় আৰু চতুৰ্থ সপ্তাহৰ শেষতহে তেওঁ স্বামীৰ ওচৰলৈ আহিছিল। ইয়াৰ বাবেই তেওঁৰ কেঁচুৱাটোৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

অৱশ্যে স্বামীৰ অভিযোগ খাৰিজ কৰি পত্নীয়ে কয় যে তেওঁ সপ্তাহত দুবাৰকৈ শহুৰেকৰ ঘৰলৈ যায়। দুবাৰ গ’লে দাম্পত্যৰ অধিকাৰ নাথাকে নেকি?

লগতে পঢ়কঃ চাকৰি দিয়াৰ নামত ধৰ্ষণ ৫৬ বছৰীয়া মহিলাক; গ্ৰেপ্তাৰ অভিযুক্ত

অৱশ্যে তেওঁৰ আবেদন নাকচ কৰে পাৰিবাৰিক আদালতে। তেওঁলোকৰ দাবী যে সমগ্ৰ বিষয়টোৰ ওপৰত অধিক বিশদভাৱে শুনানিৰ প্ৰয়োজন। ইফালে তাৰপিছতে মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ কৈছিল, প্ৰতিমাহৰ দ্বিতীয় সপ্তাহত তেওঁ স্বামীৰ ওচৰলৈ আহিছিল।

অৱশ্যে ন্যায়াধীশ ভি ডি নানাৱতীয়ে কয়, যদি স্বামীয়ে পত্নীক কয় যে ‘মোৰ লগত আহি থাকা, তেন্তে ভুল ক’ত?’ তেওঁৰ গোচৰ তৰাৰ অধিকাৰ নাই নেকি? ২৫ জানুৱাৰীত আদালতে স্বামীৰ উত্তৰ বিচাৰিছে।

দৰাচলতে সেই পত্নী এগৰাকী কৰ্মৰত মহিলা। তেওঁ মাহত দুবাৰকৈ স্বামীৰ ওচৰলৈ আহিছিল। এই কথাত স্বামীয়ে আপত্তি কৰে। পত্নীয়ে কিয় সদায় স্বামীৰ লগত নাথাকিব বুলি প্ৰশ্ন উত্থাপন কৰে। কিন্তু পত্নীয়ে কৈছিল যে তেওঁ মাহত দুবাৰকৈ যায়।

লগতে পঢ়কঃ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ সময়তে ফিট হৈ উঠিব ঋষভ পন্ত! তেওঁ এতিয়া কিমান সুস্থ?

ইয়াৰ পিছতে স্বামীয়ে নিজৰ দাম্পত্য অধিকাৰ প্ৰতিষ্ঠাৰ আৱেদন লৈ আদালতলৈ যায়। ন্যায়াধীশ ভি ডি নানাৱতীয়ে কয়, স্বামীয়ে যদি পত্নীক কয় `মোৰ লগত আহি থাকা, তেন্তে ভুল ক’ত?’

Related News