NORTHEAST NOW (Assamese)
Popular Stories

কোভিডত আক্রান্ত হোৱাৰ সন্দেহত পত্নীক উলিয়াই দিলে ঘৰৰ পৰা, বিচাৰিলে বিবাহ বিচ্ছেদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 5:48 pm
marriage

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণকলৈ এতিয়া বহুতৰে মনত তীব্ৰ আতংকই বিৰাজ কৰিছে। এনে আতংকৰ বাবেই গুজৰাটৰ এজন লোকে তেওঁৰ পত্নী আৰু দুই সন্তানক কোভিডত আক্ৰান্ত হোৱাৰ সন্দেহত ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গুজৰাটৰ ভদোদৰাৰ কাৰেলিবাগ নিবাসী লোকজনৰ পত্নীয়ে ৰোগাক্ৰান্ত শাহুৱেকৰ পৰিচৰ্যাৰ বাবে নিতৌ চিকিৎসালয়লৈ যাবলগীয়া হৈছিল।

মে মাহটোত প্ৰায় সদায় চিকিৎসালয়লৈ যোৱা মহিলা গৰাকী শেহতীয়াকৈ কাহ,চৰ্দি আৰু জ্বৰত আক্ৰান্ত হয়।

স্বামীয়ে তেওঁ কোভিডত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি তেওঁক ঘৰৰ পৰা ওলাই যাবলৈ কয়।

কিন্তু পত্নীয়ে কোনো কাৰণতে ঘৰ এৰি যাবলৈ প্ৰস্তত নোহোৱাত স্বামীয়ে তেওঁক ঘৰৰ আন সদস্যৰ সৈতে মিলি মাৰধৰ কৰে আৰু কণমানি দুই সন্তানৰ সৈতে ঘৰৰ পৰা বলপূৰ্বক উলিয়াই  দিয়ে।

উপায় বিহীন হৈ মহিলা গৰাকীয়ে তেওঁৰ ৫ আৰু ৬ বছৰীয়া দুই সন্তানৰ সৈতে আহমেদাবাদত থকা স্বামীৰে আন এটা ঘৰলৈ গুচি যায়।

আহমেদাবাদত চিকিৎসা কৰোৱাৰ অন্তত মহিলা গৰাকী সুস্থ হৈ উঠে যদিও স্বামীয়ে পুনৰ তালৈকে গৈ পত্নীক সেই ঘৰো এৰি যাবলৈ কৈ মাৰধৰ কৰে।

স্বামীয়ে আনকি পত্নীৰ সৈতে বিবাহ বিচ্ছেদো বিচাৰে।

উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে আহমেদবাদৰ আনন্দ নগৰ থানাত স্বামীৰ বিৰুদ্ধে গোচৰ তৰে।

ক’ৰ’ণাতংকৰ বাবে দেশত এনে ঘটনা আৰু বহুত ঘটিছে।