NORTHEAST NOW (Assamese)
অসম

পাৰফেক্ট, অতি মৰমিয়াল স্বামীত আমনি পাই আৰব মহিলাৰ তালাক আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2019 5:42 pm
Husband Too Good, 'Choked' UAE Woman Seeks Divorce

ভাৰতত তিনি তালাকক লৈ চলন্ত চৰ্চাৰ মাজতে সংযুক্ত আৰব এমিৰে’টছৰ সংবাদ পত্ৰত প্ৰকাশ পাইছে এই অগতানুগতিক ঘটনাৰ বাতৰি

মহিলাগৰাকীৰ মতে, গিৰিয়েকে তেওঁক “অতি ভাল পায়” আৰু আনকি কেতিয়াও তেওঁৰ সৈতে কোনো কথাত কাজিয়া বাদ যুক্তি-তৰ্কও লগা নাই।

ফলত, গিৰিয়েকৰ মৰম আৰু ভালপোৱাত “শ্বাসৰুদ্ধ” হৈ মহিলাগৰাকীয়ে এতিয়া ফুজাইৰাহৰ শ্বৰিয়া আদালতত তালাকৰ বাবে আবেদন দাখিল কৰিছে।

বাতৰি মতে, তেওঁলোকৰ বিয়া হোৱা এবছৰ হৈছে। কিন্তু এই সময়চোৱাত পত্নীক কেতিয়াও ডাঙৰকৈ মাত এটাও মাতি পোৱা নাই গিৰিয়েকে।

জীৱনটো “নৰক” হৈ পৰা বুলি উল্লেখ কৰা মহিলাগৰাকীৰ উদ্ধৃতি দিয়া হৈছে: “মই তেওঁৰ চূড়ান্ত মৰম, ভালপোৱাত শ্বাসৰুদ্ধ হৈ পৰিছো। মই কাজিয়াৰ দিন এটাৰ প্ৰতীক্ষাত দিন কটাইছো, কিন্তু মোৰ ৰোমাণ্টিক স্বামীৰ সৈতে সেয়া সম্ভৱ হৈ উঠিব যেন লগা নাই, তেওঁ সদায় মোক ক্ষমা কৰি দিয়ে আৰু মোক উপহাৰেৰে বুৰাই ৰাখে। মোক এটা সঁচা আলোচনা, আনকি তৰ্ক লাগে, নালাগে এই জঞ্জালহীন বাধ্য জীৱন।”

মাজতে বোলে মহিলাগৰাকীয়ে গিৰিয়েকক “শকত” হোৱা বুলি আপত্তি কৰিছিল, কিন্তু সেয়াও মানি লৈ পুৰুষজনে কঠোৰ ব্যায়ামৰ জৰিয়তে নিজৰ শৰীৰো সলাই পেলালে।

এতিয়া গিৰিয়েকে আদালতক কৈছে যে তেওঁৰ লক্ষ্য আছিল “পাৰ্ফেক্ত আৰু সদয় স্বামী” হোৱাৰ আৰু তাকে কৰি তেওঁ একো ভুল কৰা নাই।

তথাপি নিজৰ মৰমক “ভুল” বুলি স্বীকাৰ কৰি গিৰিয়েকজনে নিজকে সংশোধন কৰাৰ প্ৰতিশ্ৰুতি দিছে

জঁট থকা কথাটো হৈছে এতিয়া সংসাৰ বচাবলৈ হ’লে “মৰমিয়াল” নোহোৱা আৰু কাজিয়া কৰা গিৰিয়েকলৈ তেওঁ নিজকে পৰিৱৰ্তিত কৰিব লাগিব।

“প্ৰথম বছৰতে বিয়াখন বিচাৰ কৰা ঠিক নহ’ব, প্ৰত্যেকেই ভুলৰ পৰা শিকে,” গিৰিয়েকৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ।

আদালতে দম্পতিহালক এতিয়াই বিচ্ছেদিত নকৰি আপোচৰ বাবে সময় দিছে।