NORTHEAST NOW (Assamese)
অসম

আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 9:47 am

আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচত নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব হায়দৰাবাদ এফ চি।

দুয়োটা দলৰে এইখন প্ৰথম লেগৰ অন্তিম মেচ।

মেচখন তীব্ৰ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই দেখা দিছে। কিয়নো মেচখনত যিটো দলে জয়ী হ’ব সেই দলটোৱে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হ’ব।

বৰ্তমান হায়দৰাবাদ এফ চি ১২ পইণ্টেৰে তালিকাৰ পঞ্চম আৰু ১১ পইণ্টেৰে নৰ্থ-ইষ্ট য়ুনাইটেড ষষ্ঠ স্থানত আছে।

‘এইটো পূৰ্বৰ ছিজন সমূহৰ দৰে সাধাৰণ নহয়, কোন কেইটা দল শীৰ্ষ চাৰিটা স্থানত থাকিব সেয়া অনুমান কৰাটো প্ৰায় অসম্ভৱ বুলি মই ভাবো। কিন্তু আমি পৰ্যায়ক্ৰমে আগবাঢ়িব লাগিব আৰু বৰ্তমান নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে হ’বলগীয়া মেচখনত মনোনিৱেশ কৰিছো’, হায়দৰাবাদৰ মুখ্য প্ৰশিক্ষক মেনুৱেল মাৰকিজ ৰকা।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জেৰাৰ্ড নুছে আজিৰ মেচখনক লৈ যথেষ্ট আশাবাদী বুলি সংবাদমেলত জানিবলৈ দিয়ে।

তেওঁ কয়, ‘আমি সদাই পজিটিভ থাকিম। মই শুনাৰ দৰে আমি ৰক্ষণাত্মক দল নহয়। আমি এনেকুৱা এটা দল যিয়ে জানে কেনেকৈ আক্ৰমণ কৰিব লাগে’।