NORTHEAST NOW (Assamese)
অসম

কেৰালা এৰি হায়দৰাবাদ এফ চিত যোগ দিলে অসমৰ হলিচৰণ নাৰ্জাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2020 9:10 am

যোৱা ছিজনত কেৰালা ব্লাষ্টাৰ্ছৰ হৈ খেলা অসমৰ ষ্টাৰ ফুটবলাৰ হৰিচৰণ নাৰ্জাৰীয়ে ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এলৰ অহা ছিজনৰ বাবে হায়দৰাবাদ এফ চিত চুক্তিবদ্ধ হৈছে।

ভাৰতৰ ছিনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি অহা হলিচৰণে দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে হায়দৰাবাদ এফ চিত। ২০২১-২২ বৰ্ষলৈকে এই চুক্তিৰ ম্যাদ থাকিব।

আই এছ এলত এই পৰ্যন্ত ৫৯খন মেচ খেলা কোকৰাঝাৰৰ হলিচৰণে ২০১০ চনতে প্ৰথমবাৰলৈ আই লীগ খেলিছিল।

আই এছ এলৰ আৰম্ভণি গোৱা এফ চিৰ হৈ কৰি পিছত ঘৰুৱা দল নৰ্থ-ই,্ট য়ুনাইটেডৰ হৈও খেলিছিল নাৰ্জাৰীয়ে।

হায়দৰাবাগদ এফ চিচ দুবছৰৰ বাবে চুক্তিবদ্ধ হোৱা হলিচৰণে কয়, ‍‘এই দলটোত যোগ দিব পাই মই আনন্দিত।এই দলটো মোৰ বাবে নতুন আৰু নতুন সতীৰ্থসকলৰ সৈতে খেলিবলৈ উদগ্ৰীৱ হৈ আছো’।

ইফালে হায়দৰাবাদ এফ চিৰ প্ৰশিক্ষক ৰ’কাই নাৰ্জাৰীক চুক্তিবদ্ধ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগহতে আগন্তুক ছিজনত দলে তেওঁৰ উপস্থিতিত ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।